অসম

assam

Reform of SEBA: আছুৰ বৈঠকত ছেবাক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ পৰামৰ্শ

By

Published : Mar 20, 2023, 10:46 PM IST

ৰাজ্যিক শিক্ষা বৰ্ড তথা ছেবাৰ সংস্কাৰৰ বাবে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ শিক্ষাবিদসকলৰ সৈতে বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা ৷ ‘ছেবা বচাওঁ আহক, ৰাজ্যিক বৰ্ড বচাওঁ আহক' শীৰ্ষক আলোচনা চক্ৰত শিক্ষাবিদসকলে আগবঢ়ায় কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ ৷ ছেবাক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ সিদ্ধান্ত (HSLC exam paper leak) ৷

Reform of SEBA
আছুৰ বৈঠকত ছেবাক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ পৰামৰ্শ

আছুৰ বৈঠকত ছেবাক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ পৰামৰ্শ

গুৱাহাটী, 20 মার্চ:সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গুৱাহাটীকে ধৰি সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ শিক্ষাবিদৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ‘ছেবা বচাওঁ আহক, ৰাজ্যিক বৰ্ড বচাওঁ আহক' শীর্ষক এক শৈক্ষিক সভা অনুষ্ঠিত হয় ৷ এই সভাত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত (HSLC question paper leak) ৷

ছেবাই শেহতীয়াকৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, প্ৰশ্নকাকতৰ কেলেংকাৰী, পৰীক্ষা বাতিলৰ ঘটনাই ছাত্ৰ-ছাত্ৰীসকলক এক অনিশ্চয়তাৰ সন্মুখলৈ ঠেলি দিছে ৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কৰা চূড়ান্ত অন্যায় তথা ছেবা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অর্থাৎ ৰাজ্যিক বৰ্ডক নিঃশেষ কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে পৰিকল্পনা কৰা বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই (HSLC exam paper leak) ৷

শৈক্ষিক সভাত লোৱা সিদ্ধান্তবোৰ হৈছে, স্বতন্ত্ৰ শৈক্ষিক সিদ্ধান্ত ল’বৰ বাবে ৰাজ্যিক বৰ্ডসমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰাখিব লাগিব , ৰাজ্যিক বৰ্ডৰ অধ্যক্ষগৰাকী এগৰাকী শিক্ষাবিদ হ’ব লাগিব, অধ্যক্ষজন এজন গুণী জ্ঞানী ব্যক্তি হ’ব লাগিব, অধ্যক্ষগৰাকীৰ এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবেহে হ’ব লাগিব ৷ লগতে অধ্যক্ষগৰাকীৰ কাৰ্যকাল সৰ্বাধিক 3 বছৰ হ’ব লাগিব, সন্ধান সমিতি গঠন কৰি বিশিষ্ট শিক্ষাবিদক সন্ধান সমিতিৰ বাচনিত নিযুক্তি দিব লাগিব (AASU meeting in Guwahati) ৷

ইয়াৰ উপৰিও ছেবা বা অন্য ৰাজ্যিক বৰ্ডক আন চৰকাৰী কামত নিয়োজিত নকৰা, উপযুক্ত শিক্ষাবিদৰ জৰিয়তে ৰাজ্যিক বৰ্ডৰ পুনৰ গঠন কৰা , প্ৰশ্নকাকতৰ নিৰাপত্তাৰ বাবে আৰক্ষী বিষয়া, পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰকৰ লগতে এজন অতিৰিক্ত বিষয়া নিয়োগ কৰিব লাগে বুলিও প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে প্ৰতিখন জিলাৰ একোগৰাকী শিক্ষাবিদক লৈ আছুৱে এখন সমিতি গঠন কৰিব ৷ এই সমিতিয়ে অধিক পৰামৰ্শ দিব ছেবাৰ সংস্কাৰৰ বাবে (Reform of SEBA) ৷

সোমবাৰৰ সভাত প্ৰশ্নকাকত ফাদিল বিষয়টোত সজাগ হৈ থকা ,উন্নত কাৰিকৰী কৌশলৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে শিক্ষাবিদসকলে ৷ আনহাতে প্ৰশ্নকাকতৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীও তদন্তৰ আওঁতালৈ আহিব লাগিব বুলি মন্তব্য কৰে শিক্ষাবিদে (Assam SEBA paper leak) ৷

ইফালে, ছেবাৰ সংস্কাৰ সন্দৰ্ভত ৰাইজৰ মতামত বিচাৰি এটা ই-মেইল আইডি মুকলি কৰিব আছুৱে ৷ ই-মেইলৰ যোগে অভাৱ-অভিযোগ দিব পাৰিব ছেবাৰ সংস্কাৰ বাবে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শৈক্ষিক সভাই উদ্বিগ্নতা প্ৰকাশ কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰক সকলো ব্যৱস্থা ল’বলৈ দাবী জনায় ৷

লগতে পঢ়ক:Constituency Delimitation: ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে প্ৰকাশ কৰা নাই: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details