ETV Bharat / state

Constituency Delimitation: ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে প্ৰকাশ কৰা নাই: মুখ্যমন্ত্ৰী

author img

By

Published : Mar 20, 2023, 7:31 PM IST

Updated : Mar 20, 2023, 7:39 PM IST

ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নাই। বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে (Constituency Delimitation in Assam)৷

Constituency Delimitation
সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী

ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে প্ৰকাশ কৰা নাই

গুৱাহাটী, 20 মাৰ্চ: ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নাই । বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ উল্লেখ্য যে বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী সোমবাৰে পুৱা 9.30 বজাৰ পৰা আৰম্ভ হয়। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ বাজেট অধিবেশনৰ সপ্তম দিনৰ কাৰ্যসূচী (Draft of the Constituency Delimitation of Assam) ৷

বাজেট অধিবেশনৰ সপ্তম দিনা কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত প্ৰশ্ন কৰে | এই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কোনো খচৰা এতিয়ালৈকে ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা নাই । তেওঁ কয় যে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ এখন তথাকথিত খচৰা বাতৰি কাকতত মাজে মাজে প্ৰকাশ হৈ থাকে । এই খচৰাৰ কোনো আইনগত ভিত্তি নাই ৷ বিধানসভাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে এই খচৰাখন কোনো বিধান সন্মত নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই খচৰাৰ লগত নিৰ্বাচনী আয়োগ জড়িত নহয় বুলি মন্তব্য কৰে তেওঁ (Assam cm on draft of the Constituency Delimitation) ৷

লগতে তেওঁ কয় যে, নিৰ্বাচনী আয়োগে শূণ্যৰ পৰা নতুনকৈ সমস্ত নিৰ্বাচনী সমষ্টি পুনৰ গঠনৰ ব্যৱস্থা কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগ অসমলৈ আহিব ৷ সেয়েহে সন্দেহৰ মাজত থাকি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্বন্ধীয় চিন্তাৰ জৰিয়তে সমষ্টিৰ মানুহক ন্যায়সংগত অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ফলাফল কেতিয়া আৰু কেনেকৈ ওলাব সেই বিষয়ে ৰাজ্য চৰকাৰৰ হাতত কোনো তথ্য নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ই সম্পূৰ্ণৰূপে ভাৰতৰ নিৰ্বাচন আয়োগ আয়োগৰ ওপৰত নিৰ্ভৰশীল বুলিও কয় তেওঁ ৷ লগতে তেওঁ মুখৰোচক বাতৰিৰ ওপৰত বিধায়ক প্ৰভাৱিত হ'ব নোৱাৰে, বিধায়কে আইন আৰু নথিৰ ওপৰতহে ভিত্তি কৰি আগবাঢ়িব লাগিব বুলিও কয় ৷

উল্লেখযোগ্য যে, 2022 চনৰ 15 নৱেম্বৰত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে নিৰ্বাচন আয়োগক অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পূৰ্বে 1971 চনৰ লোকপিয়লৰ ভিত্তিত 1976 চনত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল ৷

লগতে পঢ়ক:Budget session: ৰাহুল গান্ধীৰ বক্তব্যক লৈ উত্তাল হৈ পৰিছে দুয়োখন সদন

Last Updated :Mar 20, 2023, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.