অসম

assam

অধ্য়াপিকাৰ ভুৱা ডিগ্ৰীকলৈ প্ৰতিক্ৰিয়া কাকজান মহাবিদ্য়ালয়ৰ অধ্য়ক্ষৰ

By

Published : Jan 30, 2021, 8:38 PM IST

যোৰহাটৰ কাকজান মহাবিদ্যালয়ৰ প্ৰবক্তাৰ ভুৱা ডক্টৰেটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্য়াহত আছে । নিৰ্মালী দলেৰ ডক্টৰেট ডিগ্ৰী ভুৱা বুলি একাংশ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে কাকজান মহাবিদ্য়ালয়ৰ অধ্য়ক্ষই ।

অধ্য়াপিকাৰ ভুৱা ডিগ্ৰীকলৈ প্ৰতিক্ৰিয়া কাকজান মহাবিদ্য়ালয়ৰ অধ্য়ক্ষৰ
অধ্য়াপিকাৰ ভুৱা ডিগ্ৰীকলৈ প্ৰতিক্ৰিয়া কাকজান মহাবিদ্য়ালয়ৰ অধ্য়ক্ষৰ

টীয়ক , ৩০ জানুৱাৰী :যোৰহাট জিলাৰ কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা নিৰ্মালী দলেৰ ডক্টৰেট ডিগ্ৰী ভুৱা বুলি একাংশ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলেৰ স্বামীৰ অভিযোগৰ ভিত্তিত পৰিৱেশন হোৱা বাতৰিটো শুদ্ধ নহয় বুলি উল্লেখ কৰিছে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰূপৰেখা বৰদলৈয়ে ।

অধ্য়াপিকাৰ ভুৱা ডিগ্ৰীকলৈ প্ৰতিক্ৰিয়া কাকজান মহাবিদ্য়ালয়ৰ অধ্য়ক্ষৰ

২০২০ চনত যোগদান কৰা দলেৰ ডক্টৰেট ডিগ্ৰীটো ভুৱা বুলি তেওঁৰ স্বামীয়ে কৰা অভিযোগৰ ভিত্তিত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিটো সন্দৰ্ভত অধ্যক্ষ বৰদলৈয়ে কয় যে নিযুক্তি প্ৰদান কৰাৰ পূৰ্বে নিৰ্মালী দলেয়ে পিএইচডি ডিগ্ৰী লাভ কৰা বিশ্ববিদ্যালয়খনৰ সৈতে যোগাযোগ কৰি পোৱা তথ্যৰ ভিত্তিত নিযুক্তি প্ৰদান কৰা হয় ৷ লগতে পাৰিবাৰিক কন্দলৰ মাজত প্ৰচাৰ মাধ্যমে এনেদৰে একপক্ষীয়ভাৱে বাতৰি পৰিবেশন কৰি জনমানসত মহাবিদ্যালয়খনৰ গৰিমাত যি আঘাত হানিছে সেয়া অতি দুখজনক বুলি মন্তব্য কৰিছে অধ্যক্ষগৰাকীয়ে ।


লগতে পঢ়ক :কলিয়াবৰত ক্ৰিকেট খেলুৱৈ ৰূপত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details