অসম

assam

প্ৰাক্তন IPTA সদস্য শিল্পী পেঞ্চন প্ৰাপ্ত ৰজনী বৰদলৈৰ দেহাৱসান

By

Published : Nov 24, 2020, 7:38 PM IST

স্বৰ্গীয় ৰজনী বৰদলৈ 1943 চনত ভাৰতৰ থিয়েটাৰ শিল্পী সকলকলৈ গঠিত স্থাপিত Indian People’s Theatre Association ৰ এগৰাকী সদস্য আছিল ৷ স্বাধীনতাৰ পূৰ্বে IPTA এ ভাৰতৰ স্বাধীনতা সংগ্ৰামেৰে জড়িত বিভিন্ন থিম প্ৰচাৰ কৰি স্বাধীনতা সংগ্ৰামত অৰিহণা আগবঢ়াইছিল ৷

Assam: Former IPTA member, singer-composer Rajani Bordoloi passes away at 83
প্ৰাক্তন IPTA সদস্য শিল্পী পেঞ্চন প্ৰাপ্ত ৰজনী বৰদলৈৰ দেহাৱসান

নিউজ ডেস্ক, 24 নৱেম্বৰ : মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে গায়ক-সংগীত ব্যৱস্থাপক তথা ৰাজ্যিক শিল্পী পেঞ্চন প্ৰাপ্ত ৰজনী বৰদলৈয়ে ৷ বৰদলৈয়ে 83 বছৰ বয়সত যোৰহাটৰ 2 নং তাৰাজান সোণাৰীগাঁৱৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ বৰদলৈয়ে মৃত্যুৰ সময়ত ইহ-সংসাৰত পত্নী, এগৰাকী কন্যা আৰু বহু সংখ্যক আত্মীয়ক এৰি থৈ যায় ৷

উল্লেখ্য যে, স্বৰ্গীয় ৰজনী বৰদলৈ 1943 চনত ভাৰতৰ থিয়েটাৰ শিল্পী সকলকলৈ গঠিত স্থাপিত Indian People’s Theatre Association ৰ এগৰাকী সদস্য আছিল ৷ স্বাধীনতাৰ পূৰ্বে IPTA এ ভাৰতৰ স্বাধীনতা সংগ্ৰামেৰে জড়িত বিভিন্ন থিম প্ৰচাৰ কৰি স্বাধীনতা সংগ্ৰামত অৰিহণা আগবঢ়াইছিল ৷

লগতে পঢ়ক: জালুকবাৰীৰ লাচিত উদ্যানত লাচিত দিৱস উদযাপন

ABOUT THE AUTHOR

...view details