অসম

assam

Jorhat Suicide Case: অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ

By

Published : May 6, 2023, 4:53 PM IST

যোৰহাটত পৰ্ণ ভিডিঅ’ই প্ৰাণ ল’লে এজন বৃদ্ধৰ ৷ কলেজীয়া ছাত্ৰই চক্ৰান্ত কৰি এগৰাকী বৃদ্ধৰ লগত অশ্লীল ছবি নিৰ্মাণ কৰিছিল ৷ তাৰ পিচতেই আৰক্ষীয়ে অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ কৰে (3 students arrested for making porn) ৷

arrested for making obscene videos
অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ

অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰা অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ

যোৰহাট, 6 মে’ : যোৰহাট জিলাত লজ্জাজনক ঘটনা (Jorhat Suicide Case update) ৷ অশ্লীল ছবি নিৰ্মাণত জড়িত হ’ল কলেজীয়া ছাত্ৰ-ছাত্ৰী ৷ অভিযুক্ত ছাত্ৰীসহ দুই ছাত্ৰক গ্ৰেপ্তাৰ (3 students arrested for making porn) ৷

যোৰহাটৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে গাঁৱৰে এজন প্ৰায় ৭২ বছৰীয়া বৃদ্ধৰ সৈতে চক্ৰান্তৰে শাৰিৰীক সম্পৰ্ক স্থাপন কৰি গোপনে ভিডিঅ’ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে (Old man suicide)৷ ইয়াৰোপৰি সেই ভিডিঅ’টো পৰ্ণ ছাইটতো আপলোড কৰে ৷ সেই ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতেই শুকুৰবাৰে বিয়লি আত্মহত্যা কৰে ৭২ বছৰীয়া বৃদ্ধ লোকজনে (Tense Situation at Dhekial) ৷

বৃদ্ধজনে আত্মহত্যা কৰাৰ পূৰ্বে পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত সদৰী কৰা অনুসৰি, ঘটনাৰ দিনা লোকজনে ঘৰৰ বাৰীত কাম কৰি আছিল ৷ তাৰ পিচত কলেজীয়া ছাত্ৰীগৰাকীয়ে তেওঁক কাম কৰি থকাৰ পৰা মাতি লৈ গৈছিল ৷ সেই সময়ত ছাত্ৰীগৰাকীৰ ঘৰত কোনো লোক উপস্থিত নাছিল ৷ এই দেখি লোকজনে তেওঁলোকোৰ ঘৰৰ পৰা আহিবলৈ লৈছিল (Student arrested for making obscene videos) ৷ কথাই কথাই লোকজনে ছাত্ৰীগৰাকীক তেওঁৰ হাত ভৰিকেইটাৰ বিষ হৈ থকা বুলি কৈছিল ৷ এই কথা শুনি ছাত্ৰীগৰাকীয়ে তেওঁক এটা বিষৰ টেবলেট খাবলৈ বুলি দিছিল ৷ তাৰ পিচৰ পৰাই লোকজনৰ লগত কি হ’ল তেঁও গম নাপায় ৷

ইফালে লোকজনৰ পৰিয়ালৰ লোকে কোৱা অনুসৰি অভিযুক্ত ছাত্ৰীগৰাকী মেধাৱী, দেখাত অপৰূপ আৰু কথাই বতৰাই নম্ৰ ৷ ছাত্ৰীগৰাকীয়ে কোনো চক্ৰৰ চক্ৰান্তত পৰি এনেকুৱা ঘৃণনীয় কাম সংঘটিত কৰিছে বুলি ভুক্তভোগী বৃদ্ধজনৰ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে ৷

আজি লোকজনে আত্মহত্যা কৰাৰ পিচতে উত্তপ্ত হৈ পৰে অঞ্চলটো। অঞ্চলটোৰ মহিলাসকলে ওলাই আহি ঘটনাৰ উচিত তদন্ত দাবী কৰে। আৰক্ষীয়ে ইয়াৰ পাচতে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কাৰ লগতে আৰু আন দুজন ছাত্ৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে নিৰ্মাণ কৰা বহু প’ৰ্ণ ভিডিও আৰু বিভিন্ন ছাইটত দিয়াৰ তথ্য পোহৰলৈ আহে।

আৰক্ষীয়ে এজন ছাত্ৰৰ লেপটপ জব্দ কৰিছে আৰু উক্ত লেপটেপৰ পৰা বহুকেইটা ভিডিঅ’ আপলোড দিয়াৰ তথ্য লাভ কৰিছে। ইফালে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ সহজ সৰল ছাত্ৰীগৰাকী কেনেকৈ এই চক্ৰত সোমাল তাক লৈ আশ্চৰ্য্য প্ৰকাশ কৰিছে ৰাইজে। সেয়ে উচিত তদন্ত কৰি সমগ্ৰ চক্ৰ উৎখাত কৰাৰ দাবী কৰিছে। আটক হোৱা ছাত্র দুজন ক্ৰমে অভিশেষ কাশ্যপ আৰু কিশালয় শৰ্মা (3 accused students arrested) ৷

লগতে পঢ়ক:Jorhat Suicide Case: কলেজীয়া ছাত্ৰীৰ কুকৰ্ম; যোৰহাটত 72 বছৰীয়া বৃদ্ধৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details