অসম

assam

Keshab Mahanta: হোজাইৰ অসামৰিক চিকিৎসালয়ত চিটি স্কেন কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Jun 16, 2023, 10:45 PM IST

বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ NHPCয়ে জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াকলৈয়ো মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Keshab Mahanta
Keshab Mahanta

হোজাইৰ অসামৰিক চিকিৎসালয়ত চিটি স্কেন কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

হোজাই/কলিয়াবৰ, 16 জুন: হোজাইৰ অসামৰিক চিকিৎসালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ চিকিৎসালয়খনত উপস্থিত হৈ চিটি স্কেন কেন্দ্ৰ মুকলি কৰাৰ লগতে আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ কৰে মন্ত্ৰী মহন্তই ৷

চিকিৎসালয়খনত উপস্থিত হৈ হোজাই জিলা অসামৰিক চিকিৎসালয়ৰ সকলো অভাৱ-অভিযোগ শীঘ্ৰেই পূৰণ কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে হোজাই, লামডিং আৰু যমুনামুখৰ প্ৰতিটো সমষ্টিৰ পাঁচজনকৈ লোকক মুঠ 15 জনক লোকক আয়ুস্মান ভাৰত বিনামূলীয়া চিকিৎসা কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

NHPC য়ে শুকুৰবাৰে 6খন গেটেৰে পানী এৰি দিয়াকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ডেম ভঙাৰ পূৰ্বে তেওঁলোকে গেট খুলি দিয়ে ৷ কিন্তু গেট খোলাৰ পূৰ্বে NHPCয়ে আমাক জনাব লাগে, যাতে আমি প্ৰস্তুত হ’ব পাৰো ৷’’ এই ক্ষেত্ৰত চোকা নজৰ ৰখা হ’ব বুলিও তেখেতে উল্লেখ কৰে ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত সকলো মন্ত্ৰীক বানপানীৰ দায়িত্ব দিছে বুলিও তেওঁ উল্লেখ কৰে ৷ ইফালে কলিয়াবৰত বানৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ সাজু হৈ থকাৰ কথাও তেওঁ সদৰী কৰে ৷ স্বাস্থ্য বিভাগ সাজু হৈ থকাৰ লগতে প্ৰতিখন জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক নিৰ্দেশ প্ৰদান কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে সাংবাদিকক অৱগত কৰে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো মন্ত্ৰী মহন্তই মন্তব্য কৰে ৷ কলিয়াবৰ লোকসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি সাংবাদিকে কৰা প্ৰশ্নত তেওঁ মিত্ৰতাত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিব আৰু কোন দলৰ প্ৰাৰ্থী দিয়া হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details