ETV Bharat / state

Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক ৰদ-বদল

author img

By

Published : Jun 16, 2023, 8:55 PM IST

Reshuffle in Assam Police
Reshuffle in Assam Police

অসম আৰক্ষীত পুনৰ ৰদ-বদল ৷ ৰাজ্যৰ গৃহবিভাগে এক নিৰ্দেশনাযোগে সদৰী কৰিছে এই কথা ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ত ঘটোৱা হৈছে ৰদ-বদল ৷

গুৱাহাটী, ১৬ জুন: অসম আৰক্ষীৰ শীৰ্ষ মহলত পুনৰ ব্যাপক ৰদ-বদল । গৃহবিভাগে শুকুৰবাৰে এক নিৰ্দেশনাযোগে এই কথা সদৰী কৰিছে ৷

Reshuffle in Assam Police
অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ত ৰদ-বদল

নিৰ্দেশনা অনুসৰি কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত), গায়ত্ৰী সোণোৱালক বদলি কৰা হৈছে । গায়ত্ৰী সোণোৱালক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে ৷

শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ দেৱজিৎ নাথক বদলি কৰা হৈছে ৷ বৰ্তমানৰ খালী হৈ থকা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদত (অপৰাধ) দেৱজিৎ নাথক নিযুক্তি দিয়া হৈছে ৷

শোণিতপুৰৰ জামুগুৰিহাটৰ দ্বাদশ এপিবিএনৰ (APBN) চেকেণ্ড কমাণ্ড পাপৰি চেতিয়াক ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে ৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (আৰক্ষী নিয়ন্ত্ৰণ কক্ষ) ইফতিকাৰ আলীক বৰ্তমানৰ খালী হৈ থকা নগাঁওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) হিচাবে নিযুক্তি দিয়া হৈছে ৷

ইফালে, চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) প্ৰকাশ মেধিক বদলি কৰা হৈছে ৷ প্ৰকাশ মেধিক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে ৷

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিতুল চেতিয়াক বদলি কৰা হৈছে ৷ বৰ্তমানৰ খালী হৈ থকা অসমৰ এছটিএফৰ অধীনত অতিৰিক্ত আৰক্ষী অধীক্ষক (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান) হিচাবে নিযুক্তি দিয়া হৈছে বিতুল চেতিয়াক ৷

বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) ৰশ্মিৰেখা শৰ্মাক বদলি কৰা হৈছে ৷ ৰশ্মিৰেখা শৰ্মাক চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে নিযুক্তি দিয়া হৈছে ৷ উল্লেখ্য যে চলিত সপ্তাহটোতে এয়া অসম আৰক্ষীত হোৱা দ্বিতীয় সাল-সলনি ৷

লগতে পঢ়ক: Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.