ETV Bharat / state

Reshuffle in Assam Police: ধুবুৰীৰ বিতৰ্কিত আৰক্ষী অধীক্ষকসহ তিনি উচ্চ পদস্থ বিষয়াৰ বদলি

author img

By

Published : Jun 10, 2023, 5:54 PM IST

Reshuffle in Assam Police
Reshuffle in Assam Police

পুনৰ অসম আৰক্ষীত কৰা হ’ল ৰদবদল ৷ এইবাৰ তিনিগৰাকী আৰক্ষী বিষয়াক বদলি কৰা হৈছে (Reshuffle in Assam Police) ৷ ইয়াৰ ভিতৰত আছে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক আৰু গুৱাহাটীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়া ৷

গুৱাহাটী, ১০ জুন : খোদ আৰক্ষী শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হোৱাৰ পিচত অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ বদলি ঘটাবলৈ বাধ্য হৈছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ (Reshuffle In Assam Police) ৷ শনিবাৰে অসম আৰক্ষীত আৰক্ষী অধীক্ষক পৰ্যায়ত কেইটামান গুৰুত্বপূৰ্ণ বদলি ঘোষণা কৰা হয় ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ জাননী অনুসৰি ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক (SP Arpana Natrajan) বদলি কৰা হৈছে ৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক পদৰ পৰা নটৰাজনক দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ ৰূপে বদলি কৰা হৈছে (Dhubri SP transferred) ৷

আনহাতে বদলি কৰি হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষকগৰাকীক (SP Navin Singh) ৷ অপৰ্ণা নটৰাজনৰ ঠাইত ধুবুৰীৰ আৰক্ষী অধীক্ষকৰূপে দায়িত্ব গ্ৰহণ কৰিব বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে (Biswanath SP transferred) ৷ খালী হ’বলগীয়া বিশ্বনাথত আৰক্ষী অধীক্ষক হিচাবে দায়িত্ব গ্ৰহণ কৰিব শুভাশিষ বৰুৱাই ৷ শুভাশিষ বৰুৱাই গুৱাহাটীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসনীয়) ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছিল (Asst IGP Subhasish Baruah) ।

মন কৰিবলগীয়া যে অসম আৰক্ষীৰ এই বদলি বিশেষ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ৷ কিয়নো ধুবুৰীৰ আৰক্ষী অধীক্ষক তথা ২০১৪ বৰ্ষৰ আইপিএছ অপৰ্ণা নটৰাজন শেহতীয়াভাৱে এক বিতৰ্কত সোমাই পৰিছিল ৷ আনকি উচ্চ ন্যায়ালয়েও নটৰাজনক ভৰ্ৎসনা কৰিব লগা হৈছে ৷ ধুবুৰীৰ বিলাসীপাৰাত হোৱা এটা হত্যাকাণ্ডৰ ঘটনাত কোনো গোচৰ অবিহনেই দুগ্ধপুষ্য শিশুকে ধৰি দুটি সন্তানসহ ৰাকিয়া খাতুন নামৰ এগৰাকী মাতৃক কেইবাদিনো ধৰি লকআপত ৰাখিছিল ধুবুৰী আৰক্ষীয়ে (Dhuri child harassing case) ৷

পৰৱৰ্তী পৰ্যায়ত এই ঘটনা গৈ পায়গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া ৷ উচ্চ ন্যায়ালয়ে (Gauhati High Court) ঘটনাটো যথেষ্ট গুৰুত্ব সহকাৰে লৈ প্ৰয়োজনত চিবিআইৰ তদন্তৰো পোষকতা কৰে ৷ আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক প্ৰশ্নও কৰিছিল যে এগৰাকী মহিলা হৈ কেনেকৈ এনে দয়াহীন কাম কৰিব পাৰে ? শিশু দুটিক লৈ অলপো দয়া ওপজা নাছিল নে ?

ইয়াৰ পিচতেই ধুবুৰী আৰক্ষীৰ এই কাণ্ডক লৈ অস্বস্তিৰ সন্মুখীন হয় অসম আৰক্ষী ৷ সেয়ে সহজেই অনুমেয় যে ধুবুৰী কাণ্ডক লৈ ন্যায়ালয়ৰ কঠোৰ পদক্ষেপৰ পিচত ধুবুৰীৰ আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰিবলৈ বাধ্য হ’ল অসম আৰক্ষী ৷ কিয়নো ইতিমধ্যে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক হত্যাকাণ্ডই অসম আৰক্ষীৰ ভিতৰৰ অন্ধকাৰাছন্ন কলংকৰ এটা দিশৰ স্বৰূপ উদঙাই দেখুৱাইছেই ৷ তাৰ পিচতেই এগৰাকী আৰক্ষী অধীক্ষকে শিশু নিৰ্যাতন কৰাৰ দৰে অভিযোগত ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’ব লগীয়া হয় ৷ যিটো অসম আৰক্ষীৰ বাবে নিশ্চয়েই লজ্জাজনক ৷

লগতে পঢ়ক: Reshuffle in Assam Police: নগাঁও আৰক্ষীত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰ্যায়ত ৰদ বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.