অসম

assam

উত্তপ্ত হোজাই: হস্ত নিৰ্মিত বন্দুকসহ আটক এজন

By

Published : Jun 4, 2021, 4:28 PM IST

Updated : Jun 4, 2021, 5:22 PM IST

বৃহস্পতিবাৰে নিশা হোজাইত হস্ত নিৰ্মিত বন্দুকসহ আটক এজন লোক ৷ আটকাধীন লোকজনক নিৰ্দোষী আখ্যা দি তেওঁক মুকলি কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷

gun-with-one-arrest
হোজাইত বন্দুকসহ আটক এজন

হোজাই,4 জুন : হোজাইত বৃহস্পতিবাৰে নিশা হস্ত নিৰ্মিত বন্দুকসহ আটক কৰা হয় এজন লোকক ৷ নিশা চৌধুৰী বজাৰৰ অন্তৰ্গত চামৰালি গাঁৱৰ আব্দুল লতিফ নামৰ লোকজনক মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ হোজাইত ৷

জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মোৰাঝাৰ আৰক্ষীৰ এটি দলে অভিযান চলাই লোকজনৰ ঘৰৰ চৌহদৰ পৰা এই হস্ত নিৰ্মিত মাৰণাস্ত্ৰটো উদ্ধাৰ কৰাৰ লগতে লোকজনক আটক কৰে ৷ ইফালে লোকজনক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰে চৌধুৰী বজাৰ অঞ্চলৰ ৰাইজ ৷

হোজাইত বন্দুকসহ আটক এজন

ঘটনা সন্দৰ্ভত শুকুৰবাৰে সামাজিক দূৰত্ব বজাই ৰাখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চৌধুৰী বজাৰ অঞ্চলৰ দুই শতাধিক ৰাইজে ৷ নিৰ্দোষী আব্দুল লতিফক মুকলি কৰি দিয়ক, ষড়যন্ত্ৰকাৰী বৰকত উল্লাক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ৰাইজে ।

প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি, আব্দুল লতিফ আৰু বৰকত উল্লাহ দুয়োজন সম্পৰ্কত ভাই-ককাই ৷ দুয়োৰে মাজত এডোখৰ মাটিক লৈ দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল ৷ সেইবাবে বৰকত উল্লাই ষড়যন্ত্ৰমূলকভাৱে আব্দুল লতিফৰ ঘৰত মাৰণাস্ত্ৰটো ৰাখি আব্দুলৰ সৈতে ষড়যন্ত্ৰ কৰে ৷ সমগ্ৰ বিষয়টোক লৈ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে স্থানীয় ৰাইজে ৷ লগতে আব্দুল লতিফক মুকলি কৰি দিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :বৃদ্ধাশ্ৰমৰ পৰা পুত্ৰই ঘৰলৈ নিলে বৃদ্ধ পিতৃক

Last Updated :Jun 4, 2021, 5:22 PM IST

ABOUT THE AUTHOR

...view details