অসম

assam

কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; আহত এজন

By

Published : Apr 8, 2022, 2:25 PM IST

দুস্কৃতিকাৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক । অসম জাতীয় সেনা নামৰ এটা সংগঠনৰ নামত ধন দাবী কৰি আটক 4 সদস্য । আকিদুৰ ৰহমান নামৰ মূল মাষ্টাৰমাইণ্ডৰ ইন’ভা গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ (Police firing at Bokakhat) ৷

Police firing at Bokakhat
কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা

বোকাখাত, 8 এপ্ৰিল : কাজিৰঙাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । অখ্যাত সংগঠনৰ হৈ ধনদাবী কৰি ধন নিবলৈ আহোতে আৰক্ষীৰ জালত পৰে চাৰি যুৱক । ঘটনা অনুসৰি কাজিৰঙাৰ হালধীবাৰীৰ বালেশ্বৰ নামৰ ধাবাখনৰ স্বত্বাধিকাৰীক ৰঞ্জিত অসম নামেৰে ৫০ হাজাৰ টকা দাবী কৰে আকিদুৰ ৰহমান নামৰ যুৱকজনে ।

ধাবাখনৰ স্বত্বাধিকাৰী মনোজ কুমাৰে এই ধনদাবীৰ কথা অৱগত কৰে আৰক্ষীক । ইয়াৰ পাছতেই গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ দল অসামৰিক পোছাকত ধাবাখনৰ সমীপত পূৰ্বৰে পৰা খাপ পিটি থাকে । সন্ধিয়া লগত আন তিনিজন যুৱক ক্ৰমে ইদুল আহমেদ, মহেন্দ্ৰ শইকীয়া, ভাৰ্গৱ তামুলীক লগত লৈ AS 01 BZ 0231 নম্বৰৰ এখন ইন’ভা গাড়ীৰে দাবী কৰা ধন নিবলৈ আহে মূল মাষ্টাৰমাইণ্ড আকিদুৰ ৰহমান ।

কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা

আন যুৱক তিনিজনক কিছু দূৰৈত থাকিবলৈ কৈ আকিদুৰ ধাবাখনৰ সমুখলৈ আহে দাবী কৰা ধন নিবলৈ । স্বত্বাধিকাৰীগৰাকীৰ পৰা ১০ হাজাৰ টকা লোৱাৰ পিছত পূৰ্বৰে পৰা ৰৈ থকা আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰোতেই গাড়ীসহ পলায়ন কৰে আকিদুৰ নামৰ দুৰ্বৃত্তটো । ইপিনে ৰৈ থকা স্থানৰ পৰাই অন্যদিশলৈ পলায়ন কৰে আন তিনিযুৱক । আৰক্ষীৰ দলটোৱে ইন’ভা গাড়ীখনক উদ্দেশি ৰাজপথতে কেইবাজাই গুলী চলায়(Assam Police Encounter) ।

কিন্তু কলিয়াবৰৰ বাগৰি আৰক্ষী চকীৰ সন্মুখত আৰক্ষীৰ দলটোৱে আকিদুৰ হুছেইনক ইন’ভাসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৰ নেতৃত্বত আছিল গোলাঘাটৰ আৰক্ষী অধীক্ষক আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া । ইয়াৰ পিছতে বাগৰিৰ পৰা বোকাখাতলৈ লৈ যোৱা হয় আকিদুৰক । নিশা পুনৰ আকিদুৰক লগত লৈ আৰক্ষীয়ে হালধীবাৰীত আন তিনিজন যুৱকৰ সন্ধানত অভিযান চলায় । অভিযানকালত আকিদুৰে পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ।

কাজিৰঙাত নিশা হোৱা এনকাউন্টাৰৰ এই ঘটনাত কঁহৰা আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক জয়ন্ত বৰাও আহত হয় । আকিদুৰে তেওঁক ঠেলা মাৰি পলোৱাৰ চেষ্টা চলাওঁতেই পৰি যায় আৰক্ষী বিষয়াগৰাকী ৷ গুলীবিদ্ধ আকিদুৰক লগে লগে যোৰহাটত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ নিয়া হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ইদুল আহমেদ নামৰ আন এজন যুৱকক আটক কৰে ।

পুৱতি নিশা হালধীবাৰীৰ সমীপৰ বুঢ়ীমাই মন্দিৰৰ পৰা পলাতক দুজন যুৱক ক্ৰমে নুমলীগড়ৰ ভাৰ্গৱ তামুলী আৰু গোলাঘাটৰ মহেন্দ্ৰ শইকীয়াক আৰক্ষীয়ে আটক কৰে । দুয়োৰে পৰা জব্দ কৰা হৈছে "অসম জাতীয় সেনা" নামৰ সংগঠনৰ ৰচিদ আৰু একাংশ নথিপত্ৰ । সম্প্ৰতি যুৱক তিনিজনক বোকাখাত আৰক্ষী থানাত ৰখাৰ বিপৰীতে আকিদুৰ ৰহমানক চিকিৎসাৰ বাবে যোৰহাটত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৰখা হৈছে ।

লগতে পঢ়ক :কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; সন্দেহযুক্ত আলফা কেডাৰ আটক

ABOUT THE AUTHOR

...view details