কাজিৰঙা,৩০ আগষ্ট:KMSS ৰ বোকাখাত মহকুমা সমিতিয়ে ঘেৰাও কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়(Protest in Kaziranga) । দাঁতিকাষৰীয়া থলুৱা লোকক উচ্ছেদ আৰু অত্যাচাৰ বন্ধৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ(KMSS protests in Kaziranga with various demands) ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তিৰ সদস্যসকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক লোকে ৷ উল্লেখ যে,কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১নং শিলডুবিৰ নিবাসী ধিৰো গোৱালা নামৰ এজন লোকৰ নিৰ্মাণৰত অৱস্থাত থকা এটা বাসগৃহ ভাঙি পেলোৱাৰ ভাবুকি দিছিল । লগতে, বন বিভাগে লোকজনৰ ওপৰত ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰী সকলে ।