অসম

assam

বৰপথাৰত চোৰাং গৰুসহ ৭ সৰবৰাহকাৰীক আটক

By

Published : Oct 29, 2021, 6:24 PM IST

প্ৰশাসনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ ব্যৱসায়ীয়ে ৰাজ্যত চলাই আছে গৰুৰ চোৰাং বেহা । এইবাৰ গোলাঘাটৰ সৰুলাংঠাত বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিলে চোৰাং গৰু সৰবৰাহ কৰা মিনি ট্ৰাক । লগতে বৰপথাৰ আৰক্ষীয়ে আটক কৰে চালকসহ ৩ সৰবৰাহকাৰীক । আনহাতে, বৰপথাৰ নগৰত আৰক্ষীৰ জালত পৰিল গৰুসহ ৪ সৰবৰাহকাৰী ।

Illegal Cattle supplier arrested at Barpathar
বৰপথাৰ আৰক্ষীৰ জালত চোৰাং গৰুসহ ৭ সৰবৰাহকাৰী

সৰুপথাৰ, ২৯ অক্টোবৰ: এফালে প্ৰশাসনৰ কঠোৰ নিৰ্দেশ আৰু আনফালে, চোৰাং গৰু ব্যৱসায়ীৰ দপদপনি । নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং গৰুৰ সৰবৰাহ কৰে একাংশ অসাধু লোকে । নগাঁৱৰ পিছত এইবাৰ গোলাঘাটত আৰক্ষীৰ জালত পৰিল চোৰা গৰু সৰবৰাহকাৰী । বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ সৰুলাংঠাত বৰপথাৰ আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি মিনি ট্ৰাক ।

AS02E4129 নম্বৰৰ মিনি ট্ৰাকখনে অবৈধভাৱে ১১টা গৰু কঢ়িয়াই আনিছিল । আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকসহ ৩টা সৰবৰাহকাৰীকো আটক কৰে । যোৰহাট জিলাৰ বাঁহজানৰ পৰা সৰুপথাৰৰ পাণজান পঞ্চায়তৰ নয়াজানলৈ নি থকা অৱস্থাতে গৰুসহ তিনিওজন লোককে বৰপথাৰ আৰক্ষীয়ে আটক কৰে । আনহাতে, নিশা বৰপথাৰ আৰক্ষীৰ তহলদাৰী দলে বৰপথাৰ নগৰৰ মাজেৰে নাওজানলৈ নি থকা অৱস্থাত ৮ টা গৰুসহ ৪ জন লোকক আটক কৰে ।

উল্লেখযোগ্য যে, সম্প্ৰতি গোলাঘাট জিলাত গৰুৰ চোৰাং ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ থকা বুলি প্ৰশাসনে দাবী কৰাৰ সময়তে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ দুষ্টচক্ৰই এনেদৰে গৰুৰ চোৰাং ব্যৱসায় চলাই থকাৰ ঘটনা পোহৰলৈ আহিছে । এই ঘটনাক লৈ এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

অৱশ্যে, এয়া কেৱল গোলাঘাটত জিলাতেই নহয় । ধুবুৰী, নগাঁৱৰ লগতে বিভিন্ন জিলাত গৰুৰ চোৰাং বেহা অব্যাহত আছে । আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই চোৰাং গৰু জব্দ কৰিছে ।

লগতে বহু সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰিছে । তথাপিও এই অবৈধ বেহা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই । আৰক্ষীৰ অজ্ঞাতে গৰুৰ চোৰাং বেহা চলোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে একাংশ সৰবৰাহকাৰীয়ে ।

লগতে পঢ়ক:তলাবন্ধ জুৱেলাৰীৰ দোকানত কিয় লাগিছে সোণ-ৰূপৰ গ্ৰাহকৰ ভিৰ ?

ABOUT THE AUTHOR

...view details