অসম

assam

Cattle Smuggling : গোলাঘাটত জব্দ গৰুভৰ্তি বাহন

By

Published : Nov 15, 2021, 2:14 PM IST

Updated : Nov 15, 2021, 3:20 PM IST

চোৰাংভাৱে সৰবৰাহ কৰা গৰু সহ গোলাঘাট আৰক্ষীৰ জালত দুখনকৈ বাহন ৷ জব্দ হৈছে 13 টাকৈ গৰু ৷ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ পাচতো ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷

illegal cattle smuggling in golaghat
অবৈধ গৰু সৰবৰাহকাৰীৰে ভৰি পৰিছে ৰাজ্য

গোলাঘাট, 15 নৱেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজপাটত বহিয়েই একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল গৰু, ড্ৰাগছ আদি বিভিন্ন চিণ্ডিকেটৰ বিৰুদ্ধে ৷ গৰু সৰবৰাহ ৰোধৰ বাবে অসম চৰকাৰে গো-সুৰক্ষা আইনো প্ৰণয়ন কৰা দেখা গৈছে ৷ কিন্তু তাৰ মাজতো ৰাজ্যত চলি আছে গৰু সৰবৰাহ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি একাংশ গো-মাফিয়াই নিতৌ অবৈধভাৱে সৰবৰাহ কৰি আছে গো-ধন ৷ গোলাঘাটত শেহতীয়াকৈ ধৰা পৰিল তেনে দুখন গৰু ভৰ্তি বাহন ৷

অবৈধ গৰু সৰবৰাহ এতিয়া মূৰ কামোৰণিৰ কাৰণ হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ

গোলাঘাটৰ নুমলীগড়স্থিত বিহৰা গৰু বজাৰখন মুকলি হোৱাৰ পাছতেই জিলাখনৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে গৰুৰ চোৰাং সৰবৰাহ ৷ বিহৰা বজাৰৰ পৰা ক্ৰয় কৰাৰ অচিলা লৈ জিলাখনৰ বিভিন্ন প্ৰান্তত চলে এই সৰবৰাহ ৷

দেওবাৰে গোলাঘাট যান-বাহন শাখা আৰক্ষীয়ে কমাৰবন্ধা আৰু কলেজ তিনিআলিৰ পৰা দুখনকৈ গৰু ভৰ্তি বাহন জব্দ কৰে ৷ AS 05 C 9518 নম্বৰৰ এখন টাটা এচি গাড়ীত সম্পূৰ্ণ অস্বাস্থ্যসন্মতভাৱে বিটু দাস নামৰ চালকজনে চাৰিটাকৈ গৰু সৰবৰাহ কৰি অনা অৱস্থাত কমাৰবন্ধা অঞ্চলৰ পৰা আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় ৷

চালক বিটু দাস

ইপিনে, AS 05 C 8616 নম্বৰৰ অন্য এখন মহিন্দ্ৰা গাড়ীত 9 টাকৈ গৰু নীতি বৰ্হিঃভূতভাৱে প্ৰাঞ্জল গগৈ নামৰ চালকজনে সৰবৰাহ কৰি থকা অৱস্থাত কলেজ তিনিআলিত আৰক্ষীৰ হাতত ধৰা পৰে ৷

চালক প্ৰাঞ্জল গগৈ

গমাৰিৰ কোনো সম্ভ্ৰান্ত ব্যক্তিৰ ওচৰলৈ এই গৰু লৈ যোৱা হৈছিল বুলি আৰক্ষী তথ্যত প্ৰকাশ পাইছে ৷ আৰক্ষীক চালক দুজনে বৈধতাৰ কোনো ৰচিদ দিব পৰা নাই বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে চাওক :জাৱৰৰ দমত বহিছে Pathsala Weekly Market

Last Updated :Nov 15, 2021, 3:20 PM IST

ABOUT THE AUTHOR

...view details