অসম

assam

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

By

Published : Jul 2, 2020, 4:44 AM IST

Updated : Jul 2, 2020, 7:24 AM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। বুধবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি বুজ লয় বানৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ হাইলেণ্ড সমূহত আশ্ৰয় গ্ৰহণ কৰি থকা বিভিন্ন জীৱ-জন্তু, বানপানীৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যাবেক্ষণ কৰে বনমন্ত্ৰী গৰাকীয়ে।

Forest Minister Parimal Suklabaidya Visited Kaziranga Flood Area
Forest Minister Parimal Suklabaidya Visited Kaziranga Flood Area

গোলাঘাট, 2 জুলাইঃ বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ পাচতেই এক সংবাদ মেলত অংশগ্ৰহণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়,সমগ্ৰ অসমৰ বানৰ তাণ্ডৱৰ মাজত বাদ পৰি যোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানও । এইবাৰ বানত 18 টাকৈ প্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাটাও জন্তু দুৰ্ঘটনাত মৃত্যু হৈছে । মৃত্যু হোৱা জন্তুৰ ভিতৰত আছে এটা বিশ্ব বিখ্যাত এশিঙীয়া গঁড় ৷ অৱশ্যে গঁড়টো বয়স্ক হোৱাৰ বাবেই বানত মৃত্যু হোৱা বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰাৰ মূলত কাৰণ হৈছে পূৰ্বতে কোনো কাম কৰিবলৈ বাকি থাকি গৈছে নেকি তাৰে বুজ লয় মন্ত্ৰীগৰাকীয়ে । আনহাতে বিভিন্ন ক্ষেত্ৰৰ সমস্যা সমাধানৰ বাবেও পৰ্যবেক্ষণ কৰা বুলি জানিবলৈ দিয়ে। সাধ্য অনুযায়ী প্ৰাণীৰ সুৰক্ষাৰ বাবে এই চৰকাৰে কাম কৰিছে বুলি কয় বনমন্ত্ৰীগৰাকীয়ে । যোৱা বছৰ উদ্যানখনত নিৰ্মাণ কৰা 33 টা হাইলেণ্ডে এই বানত জীৱ-জন্তুক কিছু সুৰক্ষা প্ৰদান কৰিছে বুলি উল্লেখ কৰে ।

বান্দৰডুবিৰ তিনিটা হাইলেণ্ডত গঁড়,হৰিণা আদি প্ৰাণী একেলগে সহবাস কৰা পৰিলক্ষিত হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে। ৰাস্তা সমূহো হাইলেণ্ডৰ দৰে নিৰ্মাণ কৰা হৈছে । আনহাতে শীঘ্ৰেই 22 কিলোমিটাৰ পথ হাইলেণ্ডৰ দৰে ওখকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে বনমন্ত্ৰীজনে ।

উল্লেখযোগ্য যে,গাড়ীৰ খুন্দাত যদি জীৱ জন্তুৰ মৃত্যু হয় তেন্তে 5 অথবা 10 হাজাৰ নহয়, প্ৰায় এক লাখ টকা সম পৰিমাণৰ জৰিমনাৰ আইনী ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি জনাই বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

লগতে চাওক-দীৰ্ঘতম স্থলযাত্ৰা : লণ্ডনৰ পৰা কলকাতালৈ ‘এলবাৰ্ট’ৰ ভ্ৰমণ কাহিনী

Last Updated :Jul 2, 2020, 7:24 AM IST

ABOUT THE AUTHOR

...view details