ETV Bharat / bharat

দীৰ্ঘতম স্থলযাত্ৰা : লণ্ডনৰ পৰা কলকাতালৈ ‘এলবাৰ্ট’ৰ ভ্ৰমণ কাহিনী

author img

By

Published : Jul 2, 2020, 1:14 AM IST

Updated : Jul 2, 2020, 7:02 AM IST

1972 চনৰ 25 জুলাইত লণ্ডনৰ পৰা কলকাতালৈ যাত্ৰা আৰম্ভ কৰিছিল এলবাৰ্টে ৷ 49 দিনৰ অন্তত কলকাতাত আহি উপস্থিতি হৈছিল এলবাৰ্ট ৷

albert bus made trips between london and kolkata in 1968
albert bus made trips between london and kolkata in 1968

নিউজ ডেস্ক, 1 জুলাই : প্ৰায় 150 টা সীমান্ত অতিক্ৰম কৰি ছয় দশকতেই আৰম্ভ হৈছিল বিশ্বৰ অন্যতম দীৰ্ঘতম বাছ যাতায়াত ডবল ডেকাৰ বাছ সেৱা ৷ সেই বাছ সেৱা সুদূৰ লণ্ডনৰ পৰা আৰম্ভ হৈছিল কলকাতালৈ ৷ সেইটো এটা আছিল ভ্ৰাম্যমাণ আৱাস গৃহৰ দৰে বাছ সেৱা ৷ যাৰ নাম আছিল এলবাৰ্ট ৷

আচৰিত কথা এই যে, ভাৰতলৈ 85 পাউণ্ড ভাড়াৰ বিনিময়ত সেই সময়ত অষ্ট্ৰিয়া,ইস্তানবুল,আফগানিস্তান,পাকিস্তানৰ মাজেৰে ভ্ৰমণ কৰি ডেৰ মাহৰ অন্তত কলকাতাত আহি উপস্থিত হৈছিল এলবাৰ্ট নামৰ বাছখন ৷

এলবাৰ্ট যাত্ৰাৰ ইতিহাস :

15 এপ্রিল 1957 ৷ ব্ৰিটেইন,ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পৰিবহন সেৱা আৰম্ভ কৰাৰ বাবে নানান পৰিকল্পনা কৰা হৈছিল ৷ তেতিয়াই জন্ম হৈছিল এলবাৰ্টৰ ধাৰণা ৷ প্ৰথম অৱস্থাত কেইখনমান চহৰত ইয়াৰ পৰিবহন সেৱা সীমিত আছিল যদিও পিচত ইয়াক বৃদ্ধি কৰা হয় ৷ 1968 চনৰ 8 অক্টোবৰত বিশ্বৰ বৃহৎ স্থলপথৰ ভ্ৰমণ আৰম্ভ হয় এলবাৰ্টৰ দ্বাৰা ৷ ছিডনী মাৰ্টিন প্লেছ জেনেৰাল প’ষ্ট অফিচেৰ পৰা ডবল ডেকাৰ বাছখন প্ৰথমবাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল ৷ সময় লাগিছিল মুঠ 132 দিন ৷ 1969 চনৰ 17 ফেব্ৰুৱাৰীত যাত্ৰা সমাপ্ত হৈছিল ৷ ইয়াৰ পাচত প্ৰায় 15 টা পৰিভ্ৰমণ বা ট্ৰিপ কৰিছিল এলবাৰ্টে ৷

বাছখনৰ যাত্ৰাপথ বা ৰুট :

বিট্ৰেইন,ভাৰত আৰু অষ্ট্ৰেলিয়া ৷ পৃথিৱীৰ দীৰ্ঘতম স্থলপথত চলিছিল এলবাৰ্ট ৷ ভ্ৰমণৰ সময়ত নানান দেশৰ প্ৰায় 150 টা সীমান্ত অতিক্ৰম কৰিছিল বাছখনে ৷ বাছখন জাৰ্মানী,অষ্ট্ৰিয়া বা পেৰিছ আৰু ভেনিছ হৈ বেলগ্ৰেড পাইছিল ৷ তাৰ পৰা ইস্তানবুল,শ্যামচুন,ট্ৰ্যাবজোন,তাবৰিজ হৈ তুৰস্ক আৰু তাৰ পৰা ইৰাণৰ তেহৰাণলৈ ৷ পিচত আফগানিস্তানৰ হেৰাত,কাবুল হৈ পাকিস্তানৰ পেছাৱাৰ আৰু লাহ’ৰ পথৰে যাত্ৰা কৰে ৷ এনেকৈয়ে অমৃতসৰ হৈ দিল্লীলৈ তাৰ পৰা কলকাতালৈ আহি উপস্থিত হয় ৷ তাৰ পৰা বাৰ্মা,থাইলেণ্ড,মালয়েছিয়া ৰুটত চলাচল কৰিছিল বাছখন ৷

ডবল ডেকাৰ বাছৰ যাত্ৰা :

বাছখনে প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিছিল 1968 চনৰ 8 অক্টোবৰত ৷ কলকাতা-লণ্ডন ৰুটত 15 বাৰ, লণ্ডন-ছিডনী ৰুটত 4 বাৰ যাত্ৰা কৰিছিল বাছখনে ৷ বাছ সেৱা আৰম্ভ হোৱাৰ পাচত লণ্ডন, কলকাতা, ছিডনী মাজত এটি সূচী তৈয়াৰ কৰা হৈছিল ৷ 12,13,14 আৰু 15 নম্বৰৰ ট্ৰিপ লণ্ডন আৰু কলকাতাৰ মাজত হৈছিল ৷ 12,13,14,15 বাদ দি পিচত লণ্ডন আৰু কলকাতাৰ মাজত 11 টাকৈ ট্ৰিপ হৈছিল ৷ সূচী অনুসৰি 1970 চনৰ তৃতীয় ট্ৰিপত ছিডনীৰ পৰা লণ্ডনৰ উদ্দেশ্যে বাছখন ৰাওনা হৈছিল ৷ সেইবাৰ পাছ ৰুট হৈ আফগানিস্তানৰ মাজৰে যাত্ৰা কৰা হৈছিল এলবাৰ্ট বাছখনে ৷

1972 চনৰ 25 জুলাইত লণ্ডনৰ পৰা যাত্ৰা আৰম্ভ কৰি 49 দিনৰ অন্তত যাত্ৰীসকল 11 ছেপ্তেম্বৰত কলকাতাত আহি উপস্থিত হৈছিল ৷ 1973 চনৰ 14 নৱেম্বৰত লণ্ডনৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰত কলকাতাত উপস্থিত হৈছিল ৷ তাৰ পাচত 1973 চনৰ 17 এপ্ৰিলত লণ্ডনৰ পৰা যাত্ৰা কৰি 4 জুনত কলকাতাত আহি উপস্থিত হয় যাত্ৰীসকল ৷ 1976 চনত শেষবাৰৰ বাবে ছিডনীলৈ প্ৰত্যাৱৰ্তনৰ বাবে ৰাওনা হৈছিল এলবাৰ্ট ৷

বাছখনৰ ভাড়া আৰু সুযোগ-সুবিধা সমূহ :

লণ্ডনৰ পৰা কলকাতালৈ সেই সময়ত বাছখনৰ ভাড়া আছিল 85 পাউণ্ড ৷ ভাৰতীয় মুদ্ৰাত 7,889 টকা ৷ এই বাছখনত যাত্ৰীসকলক বোধ হয় নিজ ঘৰৰ ড্ৰয়িংৰুম আদিৰ কথা মনত পৰা নাছিল যাত্ৰীসকলৰ ৷ কাৰণ বাছখন ভ্ৰাম্যমাণ বাসগৃহতকৈ কোনো গুণেই কম নাছিল ৷ দীঘলীয়া যাত্ৰাৰ ভাগৰ আঁতৰাবলৈ বাছখনত আছিল ৰিডিং ৰুম, ডাইনিং ৰুমৰ উপৰি ঘূৰি-ফূৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ স্থান ৷ বিনোদনৰ সম্পূৰ্ণ ব্যৱস্থা আছিল বাছখনত ৷ মনোৰঞ্জনৰ বাবে ৰেডিঅ’ তথা টেপ অৰ্থাৎ মিউজিক চিষ্টেমৰ ব্যৱস্থাও আছিল বাছখনত ৷ চাহাব সকলে পাৰ্টিও কৰিছিল বাছখনত ৷

কিন্তু দীৰ্ঘ সময় ধৰি যাতায়ত সেৱা আগবঢ়োৱাৰ পাচত এক দুৰ্ঘটনাৰ সন্মুখীন হয় বাছখন ৷ তেতিয়াৰ পৰাই বন্ধ হৈ পৰে এই বাছ সেৱা ৷ এলবাৰ্টৰ বিলাস বহুল যাত্ৰাৰ অৱসান ঘটে ৷ অন্ত পৰি যায় এলবাৰ্টৰ বিশ্বৰ দীৰ্ঘতম স্থলপথৰ যাত্ৰাৰ ৷

শুনিবলৈ পোৱা মতে, এণ্ডি ষ্ট্ৰিওয়াৰ্ট নামৰ এজন বিট্ৰেইনৰ ভ্ৰমণ কৰি ভাল পোৱা ব্যক্তিয়ে বিধ্বস্ত এলবাৰ্টক পিচলৈ ক্ৰয় কৰিছিল ৷ আনকি বাছখনক তেওঁ পুনৰ মেৰামতি কৰি ভ্ৰাম্যমাণ বাসগৃহত ৰূপান্তৰিত কৰি বাছখনত এবাৰ যাত্ৰা কৰা বুলিও জানিব পৰা যায় ৷ কিন্তু তাৰ পিচৰে পৰা এলবাৰ্টক লৈ কোনো বিশদ তথ্য পোৱা নাযায় ৷

লগতে চাওক-ক’ভিড-১৯ ৰ পৰৱৰ্তী সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰত স্বচ্ছ ইন্ধন হ’ব পাৰে সহায়ক

Last Updated :Jul 2, 2020, 7:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.