অসম

assam

গোলাঘাটত মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

By

Published : Dec 2, 2021, 9:47 PM IST

গোলাঘাটত পাঁচ হাজাৰ চাৰি গৰাকী মহিলাক প্ৰদান কৰা হয় ২৫ হাজাৰ টকাৰ চেক (Micro finance loan waiver in Golaghat)। জিলাখনত সৰ্বমুঠ ৩৪ হাজাৰ ১৬২ গৰাকী মহিলাক এই মাইক্ৰ’ ফাইনেন্সৰ উদ্গনি মূলক আচঁনিত অন্তৰ্ভুক্ত কৰা হৈছে ।

Micro finance loan waiver in Golaghat
Micro finance loan waiver in Golaghat

গোলাঘাট, 2 ডিচেম্বৰ :গোলাঘাটত অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল আয়োজন (Cheque distribute among micro finance loan waiver)। অসম চৰকাৰৰ বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠান । চ্যুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকন ।

এই অনুষ্ঠানত গোলাঘাটত পাঁচ হাজাৰ চাৰি গৰাকী মহিলাক প্ৰদান কৰা হয় ২৫ হাজাৰ টকাৰ চেক (Micro finance loan waiver in Golaghat)। জিলাখনত সৰ্বমুঠ ৩৪ হাজাৰ ১শ ৬২ গৰাকী মহিলাক এই মাইক্ৰ’ ফাইনেন্সৰ উদ্গনি মূলক আচঁনিত অন্তৰ্ভুক্ত কৰা হয় । ক’ভিডত স্বামী হাৰা হোৱা মহিলাকো আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰা হয় ।

গোলাঘাটত মাইক্ৰ’ ফাইনেঞ্চ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

ইতিমধ্যে কেইবাখনো জিলাত আৰম্ভ হৈছে মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই প্ৰদান কাৰ্যসূচী ৷ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা সকলক সাহায্য আগবঢ়োৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে (Micro finance loan waiver) ৷

ঋণ ৰেহাইৰ প্ৰক্ৰিয়াত ঋণী মহিলা সকলক তিনিটা ভাগত ‌‌‌আগ‌ কৰা হৈছে । প্ৰথম ভাগত পৰা সকল হ'ল যি সকলে বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো ঋণৰ কিস্তি প্ৰতিশোধ কৰি‌ আহিছে । এনে মহিলা সকলক ২৫০০০ টকাৰ‌ এক উদগনি মূলক পুঁজি দিয়া হ'ব । দ্বিতীয়টো ভাগ হ'ল যি সকলে ক’ভিড কেন্দ্ৰিক পৰিস্থিতি বা অন্যান্য কাৰণত নব্বৈ দিন ‌‌পৰ্যন্ত কিস্তি দিব পৰা নাই সেই সকল ঋণী মহিলা ।

এই মহিলা সকলক ৰৈ যোৱা কিস্তিৰ ধন চৰকাৰে সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানসমূহক পৰিশোধ কৰিব । তাৰ পিছত ঋণী মহিলা সকলক নিয়মিত কিস্তি পৰিশোধ কৰি যোৱাৰ বাবেও এক সাহায্য আগবঢ়াব । নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি এই সাহায্য হ'ব ২৫০০০ টকাৰ পৰা ঋণ গ্ৰহণকাৰীয়ে পূৰ্বে পৰিশোধ নকৰা কিস্তি পৰিশোধ কৰাৰ‌ পিছত ৰৈ যোৱা ধনাংশ ।

যদি ঋণীয়ে পৰিশোধ নকৰা কিস্তি পৰিশোধ কৰোতে চৰকাৰৰ ২৫০০০ টকা খৰছ হৈ যায়, তেতিয়া হ'লে ঋণৰ পৰৱৰ্তী কিস্তি পৰিশোধ কৰাৰ বাবে চৰকাৰৰ পৰা ঋণীয়ে কোনো সহায় নাপাব ।

তৃতীয় ভাগত পৰা ঋণী সকল হ'ল সেই সকল যিয়ে ঋণৰ কিস্তি দিয়াৰ কোনো সামথ্য নাই বুলি কাৰ্যতঃ নিজে ঘোষণা কৰিছে । ঘোষিত আঁচনি অনুসৰি এনে মহিলাৰ ঋণৰ সমূদায় কিস্তি পৰিশোধৰ দায়িত্ব চৰকাৰে ল'ব । এই ঋণ ৰেহাইৰ ক্ষেত্ৰত ব্যয় হ’ব‌ লগা ৭২০০ কোটি টকাৰ এটা অংশ খৰছ কৰা হ'ব নাবাৰ্ডৰ‌ পৰা‌ লোৱা ১১৫০০ কোটি টকাৰ কৃষি আন্তঃগাঁঠনি নিৰ্মাণৰ ঋণৰ‌ পৰা ।

আনহাতে, ক’ৰণোৰ নতুন কৈ বিশ্বত সংক্ৰমণ হৈ থকা অমিক্ৰণ আৰু ডেল্টা ভাইৰাছ ৰোধ কৰাৰ বাবে সাজু হৈ থকা বুলি জানিব দিয়ে অসমৰ স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই । লগতে অসমত ৫ ডিচেম্বৰৰ ভিতৰত দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :Microfinance Loan Waiver : প্ৰথম পৰ্যায়ত এইসকল মহিলাকহে ধন দিব চৰকাৰে !

ABOUT THE AUTHOR

...view details