অসম

assam

Wild Elephant terror : গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস

By

Published : Nov 20, 2022, 3:59 PM IST

Wild Elephant terror in Goalpara
গোৱালপাৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

গোৱালপাৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ (Wild Elephant terror in Goalpara) । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ গতি কৰিছে বনৰীয়া হাতীৰ জাকে । আতংকিত এতিয়া গোপালপুৰবাসী ৰাইজ ।

গোৱালপাৰা, 20 নৱেম্বৰ :ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam)৷ ৰাজ্যৰ কোনো কোনো প্ৰান্তত হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় অতিক্ৰম কৰা পৰিলক্ষিত হৈছে ৷ বন বিভাগে এই ক্ষেত্ৰত যৎপোৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই ৷

গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস

নগাঁও, কলিয়াবৰ আদিৰ পাচত এইবাৰ বন্যৰীয়া হাতীয়ে ধ্বংসলীলা চলাইছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত (Man Elephant Conflict in Goalpara)৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত আৰু ৰংজুলি আঞ্চলিক বনবিভাগৰ অধীনস্থ গোপালপুৰত দুটাকৈ বনৰীয়া হাতীয়ে কৰি আছে মুক্ত বিচৰণ ৷

গোৱালপাৰাত বন্যহস্তীৰ ত্ৰাস

বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গোপালপুৰবাসী ৰাইজে ।

লগতে পঢ়ক :Radio Caller installation of WWF: ৰঙাপৰাত বন্যহস্তীৰ ডিঙিত সংস্থাপন ৰেডিঅ' কলাৰ

উল্লেখ যে, বিগত তিনিদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত বাহৰ পতা পৰিলক্ষিত হৈছে ৷ হাতীৰ জাকটোৱে চহা কৃষকে অতি কষ্টৰে কৰা আপোন খেতিডৰা খাই তহিলং কৰিছে ৷ আনকি বনৰীয়া হাতীৰ বৃহৎ জাকটোৰ পৰা যোৱা নিশা দুটা হাতী পৃথক হৈ জনাঞ্চলত সোমাই কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰে ।

গোৱালপাৰাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

স্থানীয় ৰাইজে উল্লেখ কৰা মতে, গোৱালপাৰা মৰনৈত অবাধ হাৰত ব্যক্তিগত উদ্যোগ গঢ়ি উঠাৰ বাবেই দিনক দিনে হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Wild Elephant terror in Goalpara)। আনকি অবাধ হাৰত বনৰীয়া হাতীৰ বাসস্থানসমূহ ধ্বংস কৰি উদ্যোগ স্থাপনৰ কাৰণেই বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বনৰীয়া হাতীৰ জাকে । এই অভিযোগ গোৱালপাৰাবাসীৰ ৷

আনহাতে, গোৱালপাৰা আঞ্চলিক বন বিভাগ আৰু ৰংজুলি আঞ্চলিক বন বিভাগে যুটীয়া অভিযান চলাই জাকৰ পৰা পৃথক হোৱা হাতী দুটাক বনাঞ্চললৈ খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু বাতৰি লিখা পৰলৈকে হাতী দুটাক বনাঞ্চললৈ পঠাব পৰা নাই । ফলত আতংকিত হৈ পৰিছে বৃহত্তৰ গোপালপুৰবাসী ৰাইজ ।

লগতে পঢ়ক :Bee farming in West Bengal : মৌ পালনেৰে হস্তী-মানৱ সংঘাত ৰোধৰ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details