Bee farming in West Bengal : মৌ পালনেৰে হস্তী-মানৱ সংঘাত ৰোধৰ প্ৰচেষ্টা

author img

By

Published : Nov 11, 2022, 9:20 PM IST

Updated : Nov 11, 2022, 9:46 PM IST

Bee farming in West Bengal

বন্যহস্তীয়ে ভয় কৰে ক্ষুদ্ৰ জীৱ মৌ-মাখিক ৷ সেয়ে মৌ-মাখি প্ৰৱণ এলেকাত কেতিয়াও প্ৰৱেশ নকৰে হাতীয়ে ৷ হস্তীৰ পৰম শত্ৰু মৌ-মাখিক লৈয়ে এইবাৰ গঢ়ি তোলা হৈছে মৌ-মাখিৰ ফাৰ্ম ৷ যি ফাৰ্মে হাতী-মানুহৰ সংঘাতক (Man Elephant conflict) ৰোধৰ ক্ষেত্ৰত আনিছে আশাৰ বতৰা ৷

নেশ্যনেল ডেস্ক, 11 নৱেম্বৰ : মৌ-মাখি, নামত মাত্ৰ এটা ক্ষুদ্ৰ জীৱ ৷ যি জীৱই নিমষতে ধৰাশায়ী কৰিব পাৰে প্ৰকাণ্ড প্ৰকাণ্ড জীৱকো ৷ ইয়াৰে ভিতৰত নাম ল’ব পাৰি বন্যহস্তীৰ ৷ বন্যহস্তী বুলিলে সঘনে মনলৈ আহে হাতী-মানুহৰ সংঘাতৰ প্ৰসংগ ৷ এই বিষয়টো এক দীৰ্ঘদিনীয়া আলোচ্য বিষয় হিচাপে অভিহিত হৈ আহিছে ৷

এই বিশেষ সমস্যা সমাধানৰ বাবে ন ন উপায়েৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ অহা হৈছে যদিও প্ৰায়সমূহ ব্যৱস্থাই বিফল হোৱা পৰিলক্ষিত হৈছে ৷ হাতী-মানুহৰ সংঘাতে (Man Elephant conflict) প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ হাতীৰ আক্ৰমণত হোৱা মানুহৰ মৃত্যুৰ সংখ্যাও প্ৰতি বছৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

গৱেষণা অনুসৰি লাভ কৰা তথ্য মতে, মৌ-মাখি হৈছে হস্তীৰ পৰম শত্ৰু ৷ মৌ-মাখিৰ গুণ গুণ শব্দলৈ বনৰীয়া হাতীয়ে খুবেই ভয় কৰে ৷ আনকি মৌ-মাখি থকা এলেকাত কেতিয়াও হাতীয়ে প্ৰৱেশ নকৰে ৷ সেয়ে এই তথ্যৰ আধাৰতে বিভিন্ন সময়ত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত হস্তীপ্ৰৱণ এলেকাত মৌ-মাখিৰ ফ্ৰাৰ্ম খোলা দেখা যায় (People do bee farming to keep away elephants) ৷

হাতী খেদিবলৈ মৌ পালন

লগতে পঢ়়ক : Self reliant with farming : বাঘমৰী চাপৰিত এদল শিক্ষিত যুৱকৰ সেউজ বিপ্লৱ

ইয়াৰ ভিতৰত নাম ল’ব লাগিব পশ্চিম বংগৰ বক্সা বাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া অঞ্চলৰ কথা ৷ এই অঞ্চলটোত সঘনে হাতী-মানুহৰ সংঘাত হোৱা পৰিলক্ষিত হয় ৷ এই অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱে ত্ৰাহি মধুসূদন সোঁৱৰাইছে গাঁওবাসীক ৷ কি ধানৰ খেতি নাইবা কি অন্য পাচলিৰ খেতি- একোৱেই কৰিব নোৱাৰে উক্ত অঞ্চলটোত ৷ যাৰ ফলত অঞ্চলটোৰ কৃষকসকলে এক বিত্তীয় সমস্যাৰো সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । লগতে এই অঞ্চলত হাতীৰ আক্ৰমণৰ ফলত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে ।

এনে পৰিস্থিতিৰ পৰা অঞ্চলবাসীক কিছু পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে সমাজসেৱক সদানন্দ চক্ৰৱৰ্তীয়ে মৌ পালনৰ এক উদ্যোগ হাতত লৈছে (Bee farming in West Bengal) । জিলা প্ৰশাসনৰ পৰামৰ্শ অনুসৰি সমাজসেৱক সদানন্দ চক্ৰৱৰ্তীয়ে আলিপুৰদুৱাৰৰ ২ নং খণ্ডৰ নুৰপুৰ গাঁৱত বক্সা বাঘ্ৰ প্ৰকল্প বনাঞ্চলৰ পৰা গাঁৱলৈ যোৱা হস্তীৰ এটা কৰিডৰত মৌপালনৰ উদ্যোগ স্থাপন কৰিছে (People do bee farming to keep away elephants) ৷ এই উদ্যোগে এক প্ৰকাৰে নুৰপুৰ গাঁৱত বন্য হস্তীৰ প্ৰৱেশত হেঙাৰ হৈ থিয় দিয়া পৰিলক্ষিত হৈছে ৷

এই মৌপালনৰ উদ্যোগ স্থাপন হোৱাৰ ফলত উক্ত অঞ্চনত ধানৰ উৎপাদনো উন্নত হৈছে । লগতে গাঁওবাসীয়ে আন আন খেতিও কৰিও স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে । উল্লেখ্য যে, বৰ্তমান নুৰপুৰৰ ৰায়পাৰা, আলবিশ পাৰা, বালকুপাৰা, দামশিবাদ, গিৰগাপাৰাৰ কেবাটাও পৰিয়াল এই মৌপালনৰ সৈতে জড়িত ।

লগতে পঢ়়ক : Brown Egg Project: ব্ৰাউন কণীৰ প্ৰকল্পৰে স্বাৱলম্বিতাৰ নিদৰ্শন

Last Updated :Nov 11, 2022, 9:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.