Self reliant with farming : বাঘমৰী চাপৰিত এদল শিক্ষিত যুৱকৰ সেউজ বিপ্লৱ

By

Published : Nov 6, 2022, 11:02 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
()

‘‘মন কৰিলেই ছন, বাকৰি মাটিতে ধন” এই আপ্ত বাক্যশাৰী সৰোগত কৰি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বাঘমৰী ব্ৰহ্মপুত্ৰ চাপৰিত এক সেউজ বিপ্লৱৰ সূচনা কৰা উদ্দেশ্যে বিশ্বনাথ জিলাৰ বিহালীৰ এদল কৰ্মঠ যুৱকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ (Self reliant with farming)। বিহালী সমষ্টিৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে নিজ বাঘমৰী, ব্ৰহ্মপুত্ৰ চাপৰি, কোমোৰাকটা টাপুত বিহালী সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে বাঘমৰী চাহ বাগিচাৰ আদিবাসী অঞ্চলৰ এদল যুৱক আৰু ব্ৰহ্মপুত্ৰ চাপৰি কৃষি সমবায় সমিতি প্ৰায় ৩০০ জনীয়া শিক্ষিত নিবনুৱা যুৱকৰ দল এটাই এই সেউজ বিপ্লৱ আৰম্ভ কৰিছে (Assam youth become self reliant with farming in Biswanath) । এই কৰ্মঠ যুৱকৰ দলটোৱে বাঘমৰী অঞ্চলৰ কৃষকসকলৰ সহযোগত শনিবাৰ পৰা ব্ৰহ্মপুত্ৰ চাপৰিত ৫ খন টেক্টৰ জৰিয়তে আৰম্ভ কৰিছে কৃষি বিপ্লৱ । কৃষকসকলে প্ৰথম পৰ্যায়ত সৰিয়হ, পিয়াঁজকে ধৰি বিভিন্ন শস্য বীজ ইতিমধ্যে বিশ্বনাথ জিলা কৃষি বিভাগে যোগান ধৰা বীজসমূহৰ জৰিয়তে প্ৰথম পৰ্যায়ত ১৬০০ বিঘা ভূমিত এই খেতি কৰা পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে স্থানীয় কৃষকসকলে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.