Radio Caller installation of WWF: ৰঙাপৰাত বন্যহস্তীৰ ডিঙিত সংস্থাপন ৰেডিঅ' কলাৰ

author img

By

Published : Nov 14, 2022, 2:09 PM IST

Radio Caller installation of WWF

ৰঙাপৰাত বন বিভাগে বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰিলে আধুনিক প্ৰযুক্তি ৰেডিঅ' কলাৰ । বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত এজনী মাইকী বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ লগোৱাৰ ব্যৱস্থা কৰে (WWF) ।

ৰঙাপৰা, ১৪ নৱেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে বিশেষ অসুবিধা নোহোৱাকৈ বন বিভাগে এটা বনৰীয়া হাতীৰ ডিঙিত সংস্থাপন কৰিলে আধুনিক প্ৰযুক্তিৰ ৰেডিঅ' কলাৰ (Radio caller installation on wild elephant)। ২০২১ চনত ১৪ নৱেম্বৰত প্ৰথমবাৰৰ বাবে ৰেডিঅ' কলাৰ হাতীৰ ডিঙিত সংস্থাপন কৰিছিল । সম্পূৰ্ণ এবছৰ পিছত ৰঙাপৰা দ্বিতীয়বাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত সংস্থাপন কৰিলে ৰেডিঅ' কলাৰ ।

উল্লেখ্য় যে বন্যহস্তীৰ উপস্থিতি অতি সহজতে জানিবৰ বাবে বনৰীয়া হাতীৰ ডিঙিত লগোৱা হয় ৰেডিঅ' কলাৰটো । বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ ডব্লিউ ডব্লিউ এফে ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাত এজনী মাইকী বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ লগোৱাৰ ব্যৱস্থা কৰে (WWF)। মাইকী বনৰীয়া হাতীটোৰ ডিঙিত থকা ৰেডিঅ' কলাৰটোৰ জৰিয়তে বনৰীয়া হাতীয়ে প্ৰকৃততে কোন ঠাইত অৱস্থান কৰি আছে হাতীটো কোনটো পথৰে অহা-যোৱা কৰিছে আৰু বনৰীয়া হাতীটো সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ (Sonai Rupai Wildlife Sanctuary) পৰা নে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ (Nameri National Park) পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে তাৰ প্ৰকৃত তথ্য জানিব পৰা যায় ৷

ৰঙাপৰাত বন্যহস্তীৰ ডিঙিত সংস্থাপন ৰেডিঅ' কলাৰ

এই অভিযানত এটি অভিজ্ঞ চিকিৎসকৰ দল উপস্থিত থাকে । পদ্মশ্ৰী বঁটা প্ৰাপক তথা জ্যেষ্ঠ চিকিৎসক কুশল কোঁৱৰ শৰ্মা, পাণপুৰ বন্যপ্ৰাণী সংস্থাপন আৰু পুণৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ চামছুল আলী, বাংগালুৰুৰ চিকিৎসক ডাঃ পৰীক্ষিত কাকতি আদি উপস্থিত থাকে । ইফালে,পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী নৃপেন্দ্ৰ নাথ কলিতা, অসম হস্তী সংস্থাৰ বিষয়া কৌশিক বৰুৱা, ডব্লিউ ডব্লিউ এফ মুখ্য সমন্বয়ক অনুপম শৰ্মা, হিতেন বৈশ্য, অৰ্জুন কামডাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোহাঁই, আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া ৰাজু শইকীয়াকে ধৰি তেজপুৰ-আমাৰাবাৰীৰ বনকৰ্মীসকল উপস্থিত থাকে (Phulbari Tea Estate in Rangapara)।

দুপৰীয়া ১২ বজাত এজনী মাইকী হাতীক ট্ৰেংকুইলাজ কৰি ৰেডিঅ' কলাৰটো সংস্থাপন কৰি প্ৰথম দিনাৰ অভিযানত সফল হয় । শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে ৰাজ্যৰ বন বিভাগে । উল্লেখ্য যে যোৱা বৰ্ষৰ ১৪ নৱেম্বৰত তাৰাজুলি চাহ বাগিচাত এজনী মাইকী বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপন কৰিছিল বন বিভাগে । ইপিনে,ৰঙাপৰাত আৰু তিনিটা বন্যহস্তীৰ ডিঙিত ৰেডিঅ’ কলাৰ লগোৱাৰ পৰিকল্পনা কৰিছে বন বিভাগ আৰু ডব্লিউ ডব্লিউ এফে ৷

লগতে পঢ়ক:DAC election 2022: জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.