ETV Bharat / state

হোৰাহোৰে ফুলিছে বাঁহ ফুল; কিহৰ আগজাননী এয়া ? - bamboo flowers in Sivasagar

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 7:46 AM IST

BAMBOO FLOWERS BLOOM : শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ব্যাপক হাৰত ফুলিছে বাঁহ ফুল ৷ শিৱসাগৰ জিলা কৃষি বিভাগৰ দ্বাৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ ৷ আতংকিত নহ'বলৈ আহবান ৰাইজলৈ ৷ বিভাগৰ দ্বাৰা বাঁহ ফুলা অঞ্চলত চোকা নজৰ ৷

many bamboo flowers in bloom in Sivasagar, alert issued by the Sivasagar Department of Agriculture
শিৱসাগৰত হোৰাহোৰে ফুলিছে বাঁহ ফুল (Etv bharat)
হোৰাহোৰে ফুলিছে বাঁহ; কিহৰ আগজাননী এয়া ? (Etv bharat assam)

শিৱসাগৰ, 19 মে’ : অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ফুলা বাঁহ ফুলক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । বহু বছৰৰ মূৰত ফুলা বাঁহফুলক লৈ ৰাইজৰ মাজত আছে বিভিন্ন অমংগলীয়া চিন্তা তথা জনবিশ্বাস প্ৰচলিত । যাৰ বাবে অসমীয়া সমাজত বাঁহফুলক লৈ বহু অন্ধবিশ্বাস আৰু সাম্ভাব্য অনিষ্টৰ ধাৰণা আজি একবিংশ শতিকাতো আছে ।

শোণিতপুৰ আৰু দৰং জিলাৰ পাচত এইবাৰ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বাঁহ ফুল ফুলা পৰিলক্ষিত হৈছে । এইদৰে ফুলা বাঁহ ফুলক লৈ ৰাইজ যাতে অযথা আতংকিত নহয় তাৰ বাবে শিৱসাগৰ জিলা কৃষি বিভাগে কেতবোৰ তৎপৰতা প্ৰদৰ্শন কৰিছে ।

সাধাৰণতে এজোপা বাঁহ গছে ফুল ফুলিবৰ বাবে চল্লিশৰ পৰা ষাঠি বছৰ পৰ্যন্ত সময় লয় । সেয়েহে বাঁহ ফুলাৰ পৰিঘটনা সহজলভ্য নহয় । যাৰ বাবে বাঁহ ফুলক লৈ ৰাইজৰ মাজত এক মনস্তাত্বিক প্ৰভাৱ থাকে । ইয়াৰ লগতে বাঁহ ফুলৰ গুটি এন্দুৰৰ এক পছন্দৰ খাদ্য হোৱাৰ লগতে এই গুটি ভক্ষণৰ ফলত এন্দুৰ জাতীয় শস্যভোগী প্ৰাণীৰ ব্যাপক বংশবৃদ্ধি হয় বুলি ধাৰণা কৰা হয় ।

বাঁহ ফুলাৰ অন্তত যেতিয়া এন্দুৰ জাতীয় প্ৰাণীৰ বাবে সহজলভ্য খাদ্যৰ অৱসান ঘটে তেতিয়া এন্দুৰৰ লক্ষ্য হৈ পৰে খেতিপথাৰ আৰু শস্যৰ ভঁৰাল ৷ শস্যৰ ওপৰত এন্দুৰৰ এনে আকস্মিক আক্ৰমণৰ ফলত দেখা দিব পাৰে আকাল আৰু দুৰ্ভিক্ষৰ । ইয়াৰ সমান্তৰালভাৱে এন্দুৰ জাতীয় প্ৰাণীৰ হঠাৎ হোৱা বংশ বৃদ্ধিৰ বাবে উক্ত প্ৰাণীসমূহৰ পৰা সংক্ৰমিত হ'ব পৰা ৰোগে মহামাৰীৰ ৰূপো ধাৰণ কৰিব পাৰে । এইসমূহ কাৰকৰ বাবে বাঁহ ফুল চহা ৰাইজৰ বাবে অমংগলীয়া আৰু সংকটৰ আগমণ বুলি ধাৰণা কৰা হয় ।

শিৱসাগৰ জিলাৰ কৃষি বিষয়া আচিফ লস্কৰ আলিম বৰাই শুকুৰবাৰে জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা শিৱসাগৰ জিলাৰ চিপাহীগাঁও, দিচাংমুখ, নাজিৰা আদি বিভিন্ন অঞ্চলত ফুলা বাঁহ ফুল সন্দৰ্ভত এক সজাগতামূলক বাৰ্তা সংবাদ মাধ্যমৰ জড়িয়তে প্ৰেৰণ কৰে । বিভাগে বিভিন্ন বিশেষজ্ঞ আৰু বিষয়াসহিত উক্ত বাঁহ ফুলা অঞ্চলসমূহ পৰিদৰ্শন কৰি যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি অৱগত কৰে ।

বৰাই কয় যে উপৰোক্ত কাৰণসমূহৰ ওপৰিও বাঁহ ফুল শুকাই যোৱাৰ পাচত উৎপত্তি হোৱা এবিধ পোক অন্যতম চিন্তাৰ কাৰণ । বাঁহ ফুলৰ পৰা উৎপত্তি হোৱা এনে ফুলৰ দ্বাৰাও শস্যৰ ব্যাপক হানি হোৱাৰ আশংকা থাকিব পাৰে বুলি কৃষি বিষয়াগৰাকীয়ে শংকা প্ৰকাশ কৰে । অৱশ্যে বাঁহ ফুল ফুলা অঞ্চলসমূহত কৃষি বিভাগৰ তৰফৰ পৰা তীক্ষ্ণ নজৰ ৰখাৰ লগতে কোনো অঞ্চলত বাঁহ ফুল ফুলা দেখিলে বিষয়াগৰাকীয়ে কৃষি বিভাগক অৱগত কৰিবলৈ আহবান জনায় ।

বিষয়াগৰাকীয়ে কয়, "বাঁহ ফুলাতো এক প্ৰাকৃতিক পৰিঘটনাহে মাত্ৰ, বহুল প্ৰচলিত অন্ধবিশ্বাসৰ দ্বাৰা ৰাইজ আতংকিত নহ'ব ৷"

লগতে পঢ়ক: সৰু সৰু দোকানত অভিযান; পাইকাৰী দোকানৰ কাষ চাপিব নোখোজে প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিষয়া ! - Ban On Plastic

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.