অসম

assam

গোৱালপাৰাত পৌৰ চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 7, 2020, 5:30 PM IST

উত্তৰপ্ৰদেশৰ হাথৰছত ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীতো জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আন এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।

municipality-labour-protest
গোৱালপাৰাত পৌৰ চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

গোৱালপাৰা, 7 অক্টোবৰ: গোৱালপাৰাত পৌৰসভাৰ চাফাই কৰ্মীয়ে বুধবাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শীঘ্ৰে পাঁচ মাহৰ বকেয়া দৰমহা আদায় দিয়াৰ লগতে আন সমস্যা সমুহ সমাধানৰ দাবীত বিক্ষোভ প্ৰদৰ্শনেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাফাই কৰ্মী সকলে । গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰা উক্ত বিক্ষোভ কাৰ্যসূচীত শতাধিক চাফাই কৰ্মীয়ে অংশগ্ৰহণ কৰে। লগতে চাফাই কৰ্মীৰ ন্যায্য প্ৰদানৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে সমস্যা সমুহ সমাধানৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

গোৱালপাৰাত পৌৰ চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

আনহাতে উত্তৰপ্ৰদেশৰ হাথৰছত ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা যুৱতীগৰাকীৰ ন্যায়ৰ দাবীতো জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আন এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়ক: পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত

ABOUT THE AUTHOR

...view details