অসম

assam

উগ্ৰপন্থীৰে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী

By

Published : Aug 16, 2021, 9:42 PM IST

ডিএনএলএৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ডিমা হাছাও জিলা মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী ৷ দীৰ্ঘদিন ধৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সংগঠনটোক বিভিন্ন সামগ্ৰী যোগান ধৰি সহায় কৰি আহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

Dima Hasao district Congress leader arrest in suspect of having connection with DNLA
উগ্ৰপন্থীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী

ডিমা হাছাও, 16 আগষ্ট :উগ্ৰপন্থী সংগঠনেৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেত্ৰী ৷ সোমবাৰে ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডিমা হাছাও জিলা মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী দিপালী হাপীলাক ৷ কংগ্ৰেছ নেত্ৰী দিপালী হাপীলাৰ বিৰুদ্ধে ডিমাচা নেচনেল লিবাৰেচন আৰ্মিৰ (Dimasa National Liberation Army) সৈতে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি দিপালী হাপীলাই দীৰ্ঘদিন ধৰি উগ্ৰপন্থী সংগঠন ডিএনএলএক (DNLA) ৰেচন পাতি, বিভিন্ন সামগ্ৰী আৰু গাড়ী যোগান ধৰি আহিছিল ৷ উল্লেখ্য যে, দেওবাৰে স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলীৰ ঘটনা সংঘটিত কৰিছিল ডিমাচা নেচনেল লিবাৰেচন আৰ্মিয়ে ৷

ডিএনএলএ (DNLA) উগ্ৰপন্থী সংগঠনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ যাৰ বাবে গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলী চলায় ।

ইয়াৰ পিছতে সংগঠনটোৰ সন্দেহযুক্ত লিংকমেনগৰাকীক গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁলোকে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক :ডিমা হাছাওত উগ্ৰপন্থী সংগঠনৰ গুলিয়াগুলী

ABOUT THE AUTHOR

...view details