ডিমা হাছাওত উগ্ৰপন্থী সংগঠনৰ গুলিয়াগুলী

author img

By

Published : Aug 15, 2021, 10:43 PM IST

firing incident at dima hasao

ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলী ৷ এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ (ডিএনএলএ) উগ্ৰপন্থী সংগঠনটোৱে ।

ডিমা হাছাও 15 আগষ্ট : 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলী ৷ সন্ধিয়া প্ৰায় 7 বজাত মাইবাং আৰক্ষী থানাৰ পৰা ডেৰ কিলোমিটাৰ দূৰত থকা মাইবাং ডিগ্ৰী কলেজৰ সমীপৰ লংচেফ গাঁৱত এই গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় ।

ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ (ডিএনএলএ) উগ্ৰপন্থী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে । এই গুলিয়াগুলীত কোনো লোক আহত বা নিহত হোৱা নাই । ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ যাৰ বাবে গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলি চলায় ।

firing incident at dima hasao
ডিমা হাছাওত উগ্ৰপন্থী সংগঠনৰ গুলিয়াগুলী

উল্লেখ্য যে, শনিবাৰে নিশা ডিমা হাছাও জিলাৰ হাতীখলি এলেকাৰ ডিমা হাডিং গাঁৱত এনেদৰে গুলিবর্ষণ কৰিছিল সংগঠনটোৱে । মাইবাংৰ লংচেফ গাঁৱত সংঘটিত এই গুলিয়াগুলীৰ ঘটনাৰ পিচতে অসম আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈছে ।

ডিমাচা নেচনেল আৰ্মি (ডিএনএলএ) উগ্ৰপন্থী সংগঠনটোৱে স্বাধীনতা দিৱস বৰ্জন কৰি অসমৰ হোজাই, কাৰ্বি-আংলং, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই ছয় খন জিলাক লৈ পৃথক হিড়িম্বা ৰাণী ৰাজ্য গঠনৰ দাবীত 14 আগষ্টৰ পুৱা 5 বজাৰ পৰা 15 আগষ্টৰ সন্ধিয়া 5 বজালৈ 36 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল । এই বন্ধ ডিমা হাছাওত শান্তিপূৰ্ণভাৱে অন্ত পৰে যদিও দেওবাৰৰ নিশা এই গুলিয়াগুলীৰ ঘটনাৰ বাবে জিলাখনত সম্প্ৰতি আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : পৰেশ বৰুৱাক ধন্যবাদ জনালে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.