অসম

assam

মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

By

Published : Dec 13, 2020, 8:59 PM IST

মৰাণৰ দিখাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা মহিলা সকলৰ মাজত অনুমোদন প্ৰমাণ পত্ৰ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ চৰকাৰ পৰা লাভ কৰা ৮৩০টকাৰ সদ ব্যৱহাৰ কৰিবলৈ মহিলা সকলক আহ্বান জনায় ৷

Work of orunodoi scheme is starts at Moran
মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

মৰাণ, 13 ডিচেম্বৰ: দেওবাৰে মৰাণৰ দিখাৰীত মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৷ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ যোগেদি মহিলা সকলৰ বেংকৰ একাউণ্টত প্ৰতি মাহে ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দেওবাৰে মৰাণৰ দিখাৰী গাঁও পঞ্চায়তত আঁচনিৰ ধন লাভ কৰা মহিলাসকলকৰ মাজত অনুমোদন প্ৰমাণ পত্ৰ প্ৰদান কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷

মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক গৰাকীয়ে মহিলা সকলৰ লগত মত বিনিময় কৰাৰ লগতে চৰকাৰ পৰা লাভ কৰা ধনৰ সদ্ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷ বৰ্তমানেও জিলাখনৰ পঞ্চায়তে পঞ্চায়তে যিসকল মহিলাৰ অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা যোগ্যতা আছে তেওঁলোকক অতি সোনকালে প-পত্ৰ জমা দিবলৈ অনুৰোধ জনাইছে তেওঁ ৷

মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

লগতে পঢ়ক:বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details