অসম

assam

Child Death in Moran: মৰাণত প্ৰচণ্ড শীতৰ বাবে এটা সপ্তাহতে দুটিকৈ শিশুৰ মৃত্যু

By

Published : Jan 18, 2023, 10:01 PM IST

মৰাণৰ মিৰিহোলাত প্ৰচণ্ড শীতৰ বাবে এটা সপ্তাহতে দুটাকৈ শিশুৰ মৃত্যু ৷ ডিচেম্বৰ মাহৰ শেষৰফালে মৰাণত হোৱা শিলাবৰ্ষণত ক্ষতিগ্ৰস্ত লোকক মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছিল ৷ শিল-বৰষুণে গৃহ ক্ষতিসাধন কৰাৰ পাছত আজিলৈকে সাহাৰ্য নাপালে মৃত শিশুৰ পৰিয়ালে

Child Death in Moran
মৰাণত প্ৰচণ্ড শীতৰ বাবে এটা সপ্তাহতে দুটাকৈ শিশুৰ মৃত্যু

মৰাণত প্ৰচণ্ড শীতৰ বাবে এটা সপ্তাহতে দুটাকৈ শিশুৰ মৃত্যু

ডিব্ৰুগড়, ১৮ জানুৱাৰী:ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিহোলাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা । এটা সপ্তাহতেই দুটাকৈ শিশুৰ মৃত্যু হোৱা ঘটনাই আচৰিত কৰি তুলিছে সচেতন ৰাইজক । জানিব পৰা অনুসৰি, যোৱা ১৩ জানুৱাৰী তাৰিখে ৰাজেন মুড়াৰ প্ৰায় ডেৰ মহীয়া সন্তান উজ্জ্বল মুড়া নামৰ শিশুটি মৃত্যু হোৱাৰ পাছতে বুধবাৰে পুনৰ চানী ধানোৱাৰৰ ছমহীয়া পুত্ৰ তন্ময় ধানোৱাৰৰ মৃত্যু হয়(Two children die in a week due to severe cold in Moran) ।

শিশুটিক কালি অৰ্থাৎ মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও শিশুটিৰ মৃত্যু হয় । চিকিৎসকে জানিবলৈ দিয়া মতে প্ৰচণ্ড ঠাণ্ডাৰ বাবে শিশু দুটাই অকাল মৃত্যুক আঁকোৱালি লৈছে । কিয়নো ডিচেম্বৰ মাহৰ শেষৰফালে মৰাণত শিলাবৰ্ষণ হৈছিল(Hailstorm in Moran) আৰু শিশু দুটাৰ গৃহ শিল বৰষুণে সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰিছিল । ইয়াৰ পাচতে যি প্ৰচণ্ড শীত নামিছিল তাৰ ফলস্বৰূপে শিশু দুটাই অকালতে মৃত্যুক আঁকোৱালি লোৱা বুলি প্ৰাৰম্ভিকতে চিকিৎসকে জানিবলৈ দিছে ।

লগতে পঢ়ক:Hailstorm in Moran : শিলাবৃষ্টিয়ে তচনচ কৰিলে বহুতৰে সপোনৰ পঁজা

প্ৰথম শিশুটোৰ মৃত্যুৰ পাছতেই মৰাণৰ এটা চিকিৎসকৰ দল গৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰিছিল আৰু অঞ্চলটোৰ সকলো শিশুকে ঠাণ্ডাৰ পৰা বচাই ৰাখিবলৈ চিকিৎসকে পৰিয়ালসমূহক আহ্বান জনাইছিল ৷ কিন্তু পৰিয়ালকেইটাই কোনোধৰণৰ সতৰ্কতা অৱলম্বন নকৰাত আজি আনটো শিশুৰো মৃত্যু হয় । এই ঘটনাই সমগ্ৰ মৰাণতে এতিয়া শোকৰ ছাঁ পেলোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মৰাণত শিলা বৰষুণ হোৱাৰ পাছতে ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও মৰাণৰ এইসকল দুৰ্ভগীয়া লোকে আজিও কোনোধৰণৰ সাহাৰ্য লাভ কৰা নাই বুলি জানিব পৰা গৈছে । ভাল আশ্ৰয় গৃহ নথকাৰ বাবেই দুটাকৈ শিশু মৃত্যু হোৱাৰ পাছত ৰাজ্য চৰকাৰে এই ঘটনাক লৈ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত 27 ডিচেম্বৰত উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া প্ৰচণ্ড শিলাবৃষ্টি হৈছিল ৷ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত হোৱা শিলাবৃষ্টিত বৰফৰ দেশত পৰিণত কৰিছিল অঞ্চলকেইটাক(Severe cold wave blankets Upper Assam) ৷ এই শিলাবৃষ্টিৰ ফলত এইবাৰ প্ৰচণ্ড ঠাণ্ডা পৰিছিল সমগ্ৰ উজনি অসমত ৷

লগতে পঢ়ক:Snow cover at Moran: বছৰৰ শেষৰটো সপ্তাহত মৰাণবাসী সাক্ষী হ’ল তুষাৰৰ আচ্ছাদনৰ

ABOUT THE AUTHOR

...view details