Hailstorm in Moran : শিলাবৃষ্টিয়ে তচনচ কৰিলে বহুতৰে সপোনৰ পঁজা

By

Published : Dec 28, 2022, 5:56 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণত হোৱা শিল বৰষুণৰ পাছৰ কিছুমান দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Hailstorm in Moran)। বহুতে সেই দৃশ্যবোৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ হিচাপে আমোদ লৈছে । কিন্তু মঙলবাৰৰ সেই প্ৰচণ্ড শিল বৰষুণ মৰাণৰ একাংশ লোকৰ বাবে অভিশাপস্বৰূপে হৈ পৰিছে । সেই শিলাবৃষ্টিয়ে তচনচ কৰি পেলালে মৰাণ অঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ, পাণবাৰী আৰু ৰবি শস্যৰ খেতি (Hailstorms damaged in Moran)। শিলাবৃষ্টিৰ প্ৰকোপ ইমানেই বেছি আছিল যে ৩৬ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো ঠায়ে ঠায়ে বৰফৰ টুকুৰা সিচঁৰিত হৈ আছে । আনকি এই শিলাবৃষ্টিয়ে বহু পৰিয়াললৈ অমানিশা নমাই আনিছে । দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৱৈমাৰী গাঁ‌ৱত প্ৰায় ৪২০ টা পৰিয়াল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । বহুকেইটা পৰিয়ালৰ ঘৰৰ টিনপাত ফুটি যোৱাৰ পাছতে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । আপোন ঘৰখনৰ পৰা আঁতৰি বহুলোকে শীতৰ সেমেকা নিশা উজাগৰে কটাবলগীয়া হৈছে (Effect of hailstorm in Moran)। স্থানীয় ৱাৰ্ড সদস্যৰ বাহিৰে চৰকাৰৰ কোনো লোকেই এই মুহূৰ্তলৈকে ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে যদিও গাঁওখনত এতিয়ালৈকে কোনো চৰকাৰী বিষয়া উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকসকল ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.