পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰেই ব্য়ৱসায়ীৰ বাবে হ'ল কাল - Man Electrocuted

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 9:20 PM IST

thumbnail
মুছলপুৰ-বৰমা পথত অঘটন (ETV BHARAT ASSAM)

বাক্সা, ৯ জুন: আন দিনাৰ দৰে দেওবাৰে পুৱাই বৰমাৰ সাপ্তাহিক বজাৰলৈ ওলাই গৈছিল বাক্সা জিলাৰ শ্ৰীপুৰ দেওৰৰ ব্যৱসায়ী নিতুল ৰয় আৰু দেৱজিৎ ৰয় । এই পথতেই যে আছে জীৱনৰ শেষযাত্ৰা সেয়া হয়তো জনা নাছিল নিতুল ৰয়ে ।  

বৰমাৰ সাপ্তাহিক বজাৰলৈ মটৰ চাইকেলেৰে গৈ থাকোতেই জাখৈকোনাত মুছলপুৰ-বৰমা পথত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত মটৰ চাইকেলখন স্পৰ্শ হোৱাৰ লগে লগে মৃত্য়ু কোলাত ঢলি পৰে নিতুল । এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দেৱজিৎ ৰয় । নিশা ধুমুহাৰ ফলত গছ বাগৰি বিদ্যুতৰ খুঁটা ভাঙি তাঁৰ পৰি আছিল পথত । মুষলধাৰ বৰষুণৰ মাজতেই মটৰ চাইকেলেৰে বৰমা বজাৰলৈ গৈ থকা অৱস্থাতেই বিদ্যুৎপৃষ্ট হৈ এই ঘটনাটো সংঘটিত হয় ।

ইয়াৰ পিচতেই দেৱজিৎ ৰয়ক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়ে । ব্যৱসায় কৰি কোনোমতে পৰিয়ালটোক পোহপাল দিয়া নিতুল ৰয়ৰ মৃত্য়ুৰ লগে লগে পৰিয়ালটোৰ সদস্য়সকলৰ জীৱনলৈ নামি আহিল অমানিশা । 

লগতে পঢ়ক:তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ ৫৫ বছৰীয়া ব্যক্তিৰ মৃত্যু

জেওৰাত অবৈধভাৱে সংযোগ কৰা বিদ্যুতে প্ৰাণ ল’লে চুবুৰীয়াৰ - Man Electrocuted

বিদ্যুৎ বিভাগৰ গাফিলতি; বিদ্যুৎপৃষ্ট হৈ মাকুমত নিহত ১, সংকটজনক অৱস্থাত নিয়ৰ - Man Electrocuted

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.