বিদ্যুৎ বিভাগৰ গাফিলতি; বিদ্যুৎপৃষ্ট হৈ মাকুমত নিহত ১, সংকটজনক অৱস্থাত নিয়ৰ - Man Electrocuted

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:28 PM IST

thumbnail
()

তিনিচুকীয়া, ২৫ এপ্ৰিল : তিনিচুকীয়াৰ মাকুমত অঘটন ৷ বিদ্যুৎপৃষ্ট হৈ নিহত হয় এজন লোক, লগতে আহত হয় আন এজন ৷ তাৰ পাচতে গুৰুতৰভাৱে আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । মৃত লোকজনৰ নাম ৰাকেশ কৰ্মকাৰ আৰু সংকটজনক অৱস্থাত থকা লোকজনৰ নাম নিয়ৰ কৰ্মকাৰ বুলি জানিবলৈ পৰা গৈছে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈছে । কিয়নো অভিযন্তাৰ উপস্থিতিত দুজন অনভিজ্ঞ লোকক বিদ্যুতৰ খুঁটাত কাম কৰিবলৈ ওপৰত উঠাই দিছিল ৷ তাৰ পাচত কন্ট্ৰ’ল ৰুমৰ পৰা বিদ্যুৎ সংযোগ কৰি দিয়ে, ফলত এনে অভাৱনীয় ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ।

সেয়ে স্থানীয় ৰাইজে মৃত্যু হোৱা শ্ৰমিকজনৰ পৰিয়ালৰ লগতে আঘাতপ্ৰাপ্ত শ্ৰমিকজনকো উচিত চিকিৎসা প্ৰদান কৰিবলৈ ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক দাবী কৰে ৷ আনকি অভিযন্তাজনৰ গাফিলতিৰ বাবেই যিহেতু উক্ত ঘটনা সংঘটিত হ’ল, সেয়ে অভিযন্তাজনকো উচিত শাস্তি দিবৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : সোণাৰিত বিদ্যুৎ বিভাগৰ গাফিলতি; উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.