সোণাৰিত বিদ্যুৎ বিভাগৰ গাফিলতি; উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট এজন

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:49 PM IST

thumbnail

ডিব্ৰুগড়, 25 ডিচেম্বৰ : বিদ্যুতৰ মাচুল বৃদ্ধি আৰু মাচুল সংগ্ৰহ কৰা বাবে অধিক গুৰুত্ব প্ৰদান কৰা বিদ্যুৎ বিভাগে পাহৰি গৈছে ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কথা । ফলত চৰাইদেউৰ সোণাৰিত বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিত মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে এজনে ।

সোণাৰিৰ ভজো পথৰ বৰুৱাআলিত থকা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট এজন । সোমবাৰে দিন দুপৰতে মানসিক বিকাৰগ্ৰস্ত অতুল বাণিক দাস নামৰ ব্যক্তিজন উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট হয় । লোকজন বিদ্যুৎস্পৃষ্ট হোৱাৰ খবৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ এঘণ্টাৰ পাচতহে উপস্থিত হয় আৰক্ষী ।

নিৰ্মীয়মান পথৰ মাজত থকা ট্ৰেন্সফৰ্মাৰ দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকাত সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইফালে ঘটনাৰ পাচতে স্থানীয় ৰাইজে ব্যক্তিজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক : শান্তিচুক্তিৰ সময় সমাগত: আলফাৰ প্ৰতিনিধিৰ লগতে গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ দলো উপস্থিত দিল্লীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.