ETV Bharat / state

শান্তিচুক্তিৰ সময় সমাগত: আলফাৰ প্ৰতিনিধিৰ লগতে গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ দলো উপস্থিত দিল্লীত

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:19 PM IST

Updated : Dec 25, 2023, 9:00 PM IST

ULFA Govt Peace agreement : আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰৰ সময় প্ৰায় ওচৰ চাপি আহিছে ৷ এই শান্তি চুক্তিৰ খচৰা প্ৰস্তুতকৰণৰ বাবে সোমবাৰে সন্ধিয়া দিল্লীত গৈ উপস্থিত হয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সংগঠনটোৰ বৈদেশিক সচিব শশধৰ চৌধুৰী ৷

ULFA Govt Peace agreement
আলফা-চৰকাৰৰ শান্তিচুক্তি প্ৰায় নিশ্চিত

নিউজ ডেস্ক, 25 ডিচেম্বৰ : বহু বাদ-বিবাদ আৰু চৰ্চাৰ অন্তত আগন্তুক মাঘ বিহুৰ আশে-পাশে দিল্লীত ভাৰত চৰকাৰৰ সৈতে আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি স্বাক্ষৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ ইতিমধ্যে এই শান্তিচুক্তিৰ খচৰা প্ৰস্তুতকৰণৰ কামো আৰম্ভ হৈছে ৷ এই খচৰা প্ৰস্তুতৰ বাবে সোমবাৰে সন্ধিয়া দিল্লীত গৈ উপস্থিত হয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সংগঠনটোৰ বৈদেশিক সচিব শশধৰ চৌধুৰী ৷ আজি নিশা সাধাৰণ সম্পাদক চেতিয়াই দিল্লীৰ পৰা ফোনযোগে ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰিছে ৷

তেওঁ কয় যে খচৰা প্ৰস্তুকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সৈতে শীঘ্ৰে দুয়োগৰাকী নেতা আলোচনাত মিলিত হ’ব আৰু তাৰ পিচতেই চুক্তিৰ খচৰা সাজু হৈ উঠিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কোন দিনা তেওঁলোক মিলিত হ’ব সেই সময়সূচী এতিয়াও নিশ্চিত কৰা হোৱা নাই বুলি চেতিয়াই জানিবলৈ দিয়ে ৷

ইপিনে জানিব পৰা মতে, এই খচৰা প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ এটা শীৰ্ষ আমোলাৰ দলো আজি নিশা দিল্লীত উপস্থিত হৈছে ৷ মন কৰিবলগীয়া যে, ইতিমধ্যে আলফাৰ ফালৰ পৰা 11 টাতকৈয়ো অধিক দাবীৰ এক দাবী চনদ কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰা হৈছিল ৷

বিগত সময়ছোৱাত আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা কেবালানিও বৈঠকত এই দাবী চনদক লৈ আলোচনাও চলিছিল ৷ নিশ্চিতভাৱে সেই দাবী চনদত উল্লেখ থকা বিষয়সমূহেই মূলতঃ প্ৰতিফলিত হ’ব আগন্তুক শান্তি চুক্তিত ৷

উল্লেখ্য যে, 2011 চনৰ পৰাই এই চুক্তিৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছিল ৷ যদিহে ভাৰত চৰকাৰৰ সৈতে আলফা-চৰকাৰৰ শান্তিচুক্তি স্বাক্ষৰ হয়, তেন্তে ই এক ইতিবাচক দিশ হিচাবে বিবেচিত হ’ব বুলি ব্যক্ত কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

লগতে পঢ়ক : চুক্তি স্বাক্ষৰৰ প্ৰাকমুহূৰ্তত পৰেশ বৰুৱাক কোনো আহ্বান নজনাই অনুপ চেতিয়াই

Last Updated :Dec 25, 2023, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.