তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সাজু নলবাৰী জিলা প্ৰশাসন

By ETV Bharat Assamese Team

Published : May 5, 2024, 7:10 AM IST

thumbnail
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ সাজু নলবাৰী জিলা প্ৰশাসন (ETV Bharat Assam)

নলবাৰী,৫ মে': আগন্তক ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নলবাৰী জিলাতো । অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত শনিবাৰে নলবাৰী জিলা নিৰ্বাচনী বিষয়াই সম্বোধন কৰে এখনি সংবাদমেলৰ । তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰস্তুতি সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন জিলা নিৰ্বাচনী বিষয়াৰ । জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি নলবাৰী জিলাখনত এইবাৰ মুঠ ভোটাৰ ৬ লাখ ২০ হাজাৰ ৯০১ জন । ইয়াৰে ৩৯ নং নলবাৰী বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ৯৭ হাজাৰ ৩২৮ গৰাকী ।  

৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ১৯ হাজাৰ ৬৪২ গৰাকী আৰু ৪০ নং টিহু বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৩ হাজাৰ ৯২১ গৰাকী । জিলাখনৰ মুঠ ৮০৭ টাকৈ ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ আনহাতে জিলাখনত ৩ টাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাও কৰিছে নিৰ্বাচনী বিষয়াসকলে ৷ লগতে সৰ্বমুঠ ৩৫ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ পৰিচালিত হ’ব মহিলাৰ দ্বাৰা । এই সমগ্ৰ প্ৰস্ততি সম্পৰ্কে জিলা নিৰ্বাচনী বিষায়াই সংবাদমেলযোগে সদৰী কৰে । 

লগতে পঢ়ক: মামাই কেৱল অৰুণোদয়ৰ ফৰ্ম বিলালে: গৌৰৱ গগৈ - Lok Sabha Election 2024

লগতে পঢ়ক: ভগৱানে বদৰুদ্দিন আজমলক সুমতি দিয়ক: ৰকিবুল হুছেইন - LOK SABHA ELECTION 2024

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.