ETV Bharat / politics

মামাই কেৱল অৰুণোদয়ৰ ফৰ্ম বিলালে: গৌৰৱ গগৈ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 9:51 PM IST

Guwahati Lok Sabha constituency :ছমৰীয়া বিধানসভা সমষ্টিত প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ ।

Guwahati Lok Sabha constituency
যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ (ETV BHARAT ASSAM)

বকো, ৪ মে’ : ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ আজি ছমৰীয়া বিধানসভা সমষ্টিত প্ৰচাৰ সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ । যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয়," বিজেপিৰ সকলো প্ৰচাৰ মিছা । বিজেপিৰ জুমলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । নৰেন্দ্ৰ মোদীৰ ১৫ লাখ এটা ডাঙৰ জুমলা ।"

কংগ্ৰেছৰ জ্য়েষ্ঠ নেতাগৰাকীয়ে প্ৰাক্তন মুখ্য়মন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও সৰৱ হৈ কয়," সৰ্বানন্দ সোণোৱালে কোৱা পৰিৱৰ্তন এটা জুমলা । বিজেপিৰ পৰিৱৰ্তনৰ নামত নহৰুৰ কেজি ৪০০ টকা হ'ল । বিজেপিয়ে পৰিৱৰ্তনৰ নামত ধনী মানুহক ধনী কৰিলে, দুখীয়াক দুখী কৰিলে । " তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়," মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মামাই কেৱল অৰুণোদয়ৰ ফৰ্ম বিলালে ,তাৰ বাহিৰে একো কৰিব নোৱাৰিলে ।'' ছমৰীয়া সমষ্টিৰ সোনতলীত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে এনেদৰে বিজেপিক কঠোৰ সমালোচনা কৰে ।

এই সভাত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ লগতে বকোৰ বিধায়িকা নন্দিতা দাস উপস্থিত থাকে । ছমৰীয়া সমষ্টিৰ গৰৈমাৰীত আয়োজিত এই সভাত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে, বিধায়ক ৰেকিবুদ্দিন আহমেদ আদিকে ধৰি বহু কেইগৰাকী বিধায়ক । অহা ৭ মে'ত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়েও চৰকাৰক সমালচনা কৰে ।

লগতে পঢ়ক:নিমাতী কইনা সাংসদ নালাগে আমাক: গুৱাহাটীবাসী - Lok Sabha Election 2024

অসমত কট্টৰ বিজেপি নেতাৰ আলাই-আথানি দেখি দুখ পাইছে গৌৰৱ গগৈয়ে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.