ETV Bharat / politics

গুৱাহাটীবাসীক নালাগে নিমাতী কইনাৰূপী সাংসদ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:14 PM IST

Updated : May 4, 2024, 10:45 PM IST

Voters opinion: কোনে দখল কৰিব দিল্লীৰ মচনদ ? গুৱাহাটীবাসীয়ে কিহৰ ভিত্তিত কৰিব ভোটদান ? কাক কটাক্ষ কৰিলে নিমাতী কইনা বুলি ? সমস্যাজৰ্জৰ গুৱাহাটীবাসীৰ ত্ৰাণকৰ্তা হিচাপে কাক পঠিয়াব সংসদ ভৱনলৈ ? কিদৰে উজাৰিলে গুৱাহাটীবাসীয়ে ক্ষোভ ? জানো আহক এই প্ৰতিবেদনত ।

Voters opinion in Guwahati LS Constituency before 3rd phase of polling
গুৱাহাটীৰ ভোটাৰ ৰাইজৰ কি দাবী ? (ETV Bharat Assam)

গুৱাহাটী, ৪ মে': লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ লৈ মাজত মাথো দুটা দিন বাকী । দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে শাসক-বিৰোধীয়ে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা অন্যতম এক সমষ্টি হৈছে গুৱাহাটী লোকসভা সমষ্টি । উত্তৰ-পূৱৰ কৰিডৰ হিচাপে বিবেচিত গুৱাহাটী বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । ৰাইজৰ দৃষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে সংসদত সজোৰে উত্থাপন কৰিব পাৰিব সমস্যাসমূহ ? সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিলে গুৱাহাটীবাসীয়ে ।

নিৰ্বাচনী বতাহজাক গৰম হৈ উঠাৰ সময়তে গুৱাহাটীবাসীয়ে সংসদত গুৱাহাটীবাসীৰ সমস্যাক উত্থাপন কৰিব পৰা প্ৰাৰ্থীক নিৰ্বাচিত কৰাত গুৰুত্ব আৰোপ কৰিব বুলি সদৰী কৰে । ইয়াৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী মহানগৰীৰ সততে চৰ্চাত থকা অনিল নগৰ, নবীন নগৰবাসীয়ে চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ।

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে সকলোৱে প্ৰতিশ্ৰুতি দি যায়, কোনে ক’লে এইদৰে ? - Lok Sabha Election 2024

কিয়নো বিজেপি চৰকাৰৰ দিনত অনিল নগৰ, নবীন নগৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । স্থানীয় বাসিন্দা সকলে চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, "বহু চৰকাৰ আহিল বহু গ'ল, পেট্ৰ'লে চেঞ্চুৰী কোবোৱা প্ৰথম চৰকাৰ হ'ল, বহু চৰকাৰ আহিল বহু গ'ল, মচুৰ দাইলে ১০০ ঘৰ পাৰ হোৱা প্ৰথম চৰকাৰ হল, বহু চৰকাৰ আহিল বহু গ'ল মিঠাতেলে শতকৰ ঘৰ পাৰ কৰা প্ৰথম চৰকাৰ হ'ল, অনিল নগৰত থকা মেনহলৰ পৰা যোৱা ৫ বছৰত জাৱৰো নিষ্কাষণ নহ'ল ।"

কংগ্ৰেছ চৰকাৰৰ দিনত দিয়া পাম্প কেইটা পৰিচালনা কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি এজাক বৰষুণত জলবন্দী হোৱা ৰাইজক মুক্ত কৰাৰ বাবে গুৰুত্ব দিব লাগে বুলি দাবী কৰে ভুক্তভোগী জনতাই । লগতে কয় যে চৰকাৰে চাউল, অৰুণোদয়ৰ ধন দিলেই জনকল্যানমূলক আঁচনি নহয় জনকল্যাণৰ বাবে কল্যাণকামী আচঁনিৰ প্ৰয়োজন । সংসদত নিমাতী কইনা আৰু টোপনি যোৱা সাংসদ নিবিচাৰো বুলি উল্লেখ কৰি সংসদত সৰৱ হোৱা জনপ্ৰতিনিধিকহে ভোট দিয়াৰ পোষকতা কৰে স্থানীয় জনতাই ।

ইফালে দল চাই নহয় প্ৰাৰ্থী চাইহে এইবাৰ ভোটদান কৰিব বুলি মন্তব্য কৰে অনিল নগৰ, নবীন নগৰৰ জনতাই । কিয়নো স্মাৰ্ট চিটী হিচাপে দম্ভালি মৰা চৰকাৰে প্ৰকৃতাৰ্থত স্মাৰ্ট চিটী হোৱাত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি দাবী কৰে জনতাই । নহ'লে ৰাজ্যৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটী মহানগৰী কাগজে-কলমেহে স্মাৰ্ট চিটী হৈ থাকিব বুলি ক্ষোভ উজাৰে জনতাই ।

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

বজাৰ বন্ধ কৰাক লৈ কিয় খং উঠিল মীৰা বৰঠাকুৰ গোস্বামীৰ ? - Lok Sabha Election 2024

গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

প্ৰচাৰ সভাৰ মাজতে যুৱ ভোটাৰৰ প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী: দোষ জাপিলে বিৰোধীৰ ওপৰত - Guwahati Lok Sabha Constituency

Last Updated : May 4, 2024, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.