ETV Bharat / politics

বজাৰ বন্ধ কৰাক লৈ কিয় খং উঠিল মীৰা বৰঠাকুৰ গোস্বামীৰ ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:06 PM IST

Mira Borthakur Goswami: বেলতলা বজাৰ বন্ধ কৰি দিয়া হ’ল মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৷ শাক-পাচলি লৈ গাড়ী ভাড়া কৰি অহা বিক্ৰেতাসকল পৰিল বিমোৰত । ইয়াকে লৈ খং উঠিল মীৰা বৰঠাকুৰৰো ৷

Mira Borthakur Goswami
বজাৰ বন্ধ কৰাক লৈ কিয় খং উঠিল মীৰা বৰঠাকুৰ গোস্বামীৰ ? (ETV Bharat Assam)

বজাৰ বন্ধ কৰাক লৈ কিয় খং উঠিল মীৰা বৰঠাকুৰ গোস্বামীৰ ? (ETV Bharat Assam)

গুৱাহাটী, ২ মে’ : নিৰ্বাচনী প্ৰচাৰৰ মাজতে আজি পুনৰ সৰৱ হ'ল গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী । অন্যায়-অবিচাৰৰ বিৰুদ্ধে সততে সৰৱ হোৱা কংগ্ৰেছ নেত্ৰীগৰাকীক আজি গুৱাহাটীৰ বেলতলাত দেখা গ’ল খঙাল ৰূপত ।

দিন-ৰ‍াতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্ৰতী হৈ থকা মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি বেলতলাত বজাৰ বন্ধ কৰাৰ লৈ সৰৱ হৈ পৰে । বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে খাটিখোৱা সাধাৰণ জনতাৰ ওপৰত কৰা অন্যায়ৰ বিৰুদ্ধে আজি ক্ষোভ উজাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বেলতলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি হঠাতে বন্ধ কৰি দিয়া হয় বেলতলা বজাৰ । লক্ষ্যণীয় বিষয় যে সপ্তাহৰ প্ৰত্যেক বৃহস্পতিবাৰ আৰু দেওবাৰে বেলতলাত বজাৰ বহে । বিশাল পৰিসৰত বহা এই বজাৰখন সকলোৰে পৰিচিত আৰু এই বজাৰলৈ বিক্ৰেতা ৰূপত গুৱাহাটীৰ কাষৰীয়া অঞ্চলৰ বহু জনজাতীয় মহিলা আৰু লোক আহে ।

খাটিখোৱা মেহনতি লোকৰ বাবে এই বজাৰখনৰ যথেষ্ট গুৰুত্ব আছে আৰু মহানগৰবাসীয়েও এই বজাৰখনৰ পৰা সতেজ সামগ্ৰী লাভ কৰে । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি বজাৰখন বন্ধ কৰি দিয়া হয় । ফলত পুৱতি নিশাতে শাক-পাচলি লৈ গাড়ী ভাড়া কৰি অহা বিক্ৰেতাসকল বিমোৰত পৰে ।

সেই সময়ত বেলতলা বজাৰত উপস্থিত হোৱা মীৰা বৰঠাকুৰ গোস্বামীয়ে বজাৰ বন্ধ কৰাক লৈ সৃষ্টি হোৱা পৰিস্থিতি দেখি ক্ষোভিত হৈ পৰে । এই অন্যায়ৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা সংলাপৰ প্ৰসংগ উল্লেখ কৰি কয় যে কোনোৱা ৰজা-মহাৰাজা আহিব নেকি? তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অহাৰ সময়ত ৰাইজে ভোগ কৰা সমস্যাৰ প্ৰসংগও উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰজা নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এইখন চৰকাৰ পুনৰ আহিলে সাধাৰণ মানুহ জীয়াই থাকিবৰ বাবে এশবাৰ চিন্তা কৰিব লাগিব । উল্লেখ্য যে আজি মীৰা বৰঠাকুৰ গোস্বামীয়ে বেলতলা অঞ্চলকে ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় । এই প্ৰচাৰ কাৰ্যত তেওঁক সংগ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈকে ধৰি বিৰোধী ঐক্য মঞ্চৰ কেবাজনো নেতাই ।

মীৰা বৰঠাকুৰ গোস্বামীয়ে গুৱাহাটী সমষ্টিৰ অলিয়ে-গলিয়ে, বজাৰে-সমাৰে বিভিন্ন স্থানত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । প্ৰচাৰৰ মাজতে য'তে অন্যায়-অবিচাৰ দেখিছে তাতেই মাত মাতিছে ।

লগতে পঢ়ক: আজমলক ৰণত পেলাব পাৰিবনে ৰকিবুলে ? শক্তি দেখুৱাব পাৰিবনে অগপৰ জাভেদে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.