ETV Bharat / politics

আজমলক ৰণত পেলাব পাৰিবনে ৰকিবুলে ? শক্তি দেখুৱাব পাৰিবনে অগপৰ জাভেদে ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:40 PM IST

Dhubri Lok Sabha Constituency: ধুবুৰীত কি হ’ব নিৰ্বাচনী ৰণ ? প্ৰিয়ংকাৰ প্ৰচাৰে উদ্ধাৰ কৰিবনে ৰকিবুলক ? নিজৰ দুৰ্গত নাভাৰ্চ কৰিছে নেকি আজমলে ? হিমন্ত বিশ্ব শৰ্মাই হাঁহি বিৰিঙাবলৈ সক্ষম হ’বনে অগপৰ জাভেদ ইছলামৰ মুখত ?

DHUBRI LOK SABHA CONSTITUENCY
ধুবুৰী লোকসভা সমষ্টি (Social Media)

গুৱাহাটী, ২ মে’ : তৃতীয় পৰ্যায়ত ৭ মে’ত অসমত হ’বলগীয়া শেষৰ ৪ টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনী যুঁজ তুংগত উঠিছে । বিশেষকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণে৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত সকলোতকৈ বেছি সংখ্যালঘু বসতিপ্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ ৰাজনীতি মন কৰিবলগীয়া হৈ পৰিছে ৷

শাসকীয় বিজেপি-অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ প্ৰত্যেকেই সৰ্বশক্তি দি জঁপিয়াই পৰিছে নিৰ্বাচনী যু্ঁজত । ধুবুৰী সমষ্টিত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূলতঃ তিনিগৰাকী প্ৰাৰ্থীক নিৰ্বাচনী ৰণক্ষেত্ৰত দেখা পোৱা গৈছে ৷ তাৰ ভিতৰত ২০০৯ চনৰ পৰা বিগত তিনিটা কাৰ্যকাল ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হোৱা বদৰুদ্দিন আজমল সমষ্টিটোৰ অন্যতম প্ৰাৰ্থী ৷

কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে আছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন । বিজেপি মিত্ৰজোঁটৰ পৰা অগপৰ প্ৰাৰ্থীৰূপে আছে জাভেদ ইছলাম । অনানুষ্ঠানিক তথ্য অনুসৰি ধুবুৰীৰ মুঠ 26,43,403 ভোটৰ প্ৰায় ৮০ শতাংশ ভোটাৰ মুছলামান আৰু বাকী প্ৰায় ২০ শতাংশহে অনামুছলমান ভোটাৰ ৷ সেয়ে মুছলমানৰ ওপৰতে ভিত্তি কৰি গঠন হোৱা এ আই ইউ ডি এফ দলৰ বদৰুদ্দিন আজমলে 2019ত ৭.১৮ লাখ ভোটত ধুবুৰীত জয়লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এইবাৰ ধুবুৰীত যুঁজ দিবলগীয়া হৈছে বদৰুদ্দিন আজমলে ।

ৰথী-মহাৰথীৰ সোঁত বৈছে ধুবুৰীলৈ :

বৰ্তমানৰ সাংসদ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আজমল এইবাৰ বাৰুকৈয়ে প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ধুবুৰীত । ধুবুৰীত নিৰ্বাচনী ৰণশিঙা বজাই গ’ল প্ৰিংকা গান্ধীয়ে । কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ কালি ১ মে’ত প্ৰচাৰ চলাই আজমলৰ লগতে বিজেপি তথা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জোৰদাৰ সমালোচনা কৰি প্ৰচাৰ চলাই গ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

তাৰ পিচদিনাই আজি বৃহস্পতিবাৰে ধুবুৰীত তিনিখনকৈ প্ৰচাৰ সভাত ভাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলায় অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ বাবে । আগমণি, বিলাসীপাৰা আৰু ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অগপৰ প্ৰাৰ্থীক জয় কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ।

বিতৰ্কত মৌলানা বদৰুদ্দিন আজমল : ধুবুৰীৰ তিনিবাৰৰ সাংসদ এইবাৰ যেন নিৰ্বাচনত কিছু বিচলিত হৈছে । কংগ্ৰেছে আজমলক দিয়া বুঢ়া বাঘ আখ্যাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আজমলে কয়- ‘‘মই আকৌ বিয়া পাতিব পৰা হৈ আছো ৷’’ কেতিয়াবা বিৰোধীক নক’বলগীয়া শব্দৰে কৰিছে আক্ৰমণ । বুধবাৰে এখন সভাত নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰি আহিছে বিতৰ্কলৈ । ইয়াৰ উপৰিও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে কংগ্ৰেছে অভিযোগ আনিছিল আজমলে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন বিজেপিয়ে দিয়া বুলি । মোল্লা হিচাপে সাধাৰণ লোকক পানী জাৰি দিয়াটো আজমলৰ এক চৰ্চা হৈ অহা বিষয় ।

আনহাতে, নিজৰ দল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী মূৰৰ কামোৰণী হৈ পৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বাবে ৷ শ্বেৰমান আলীয়ে ধুবুৰী সমষ্টিত মুকলি প্ৰচাৰ চলাইছে আজমলৰ হৈ । শ্বেৰমান আলী কংগ্ৰেছৰ নিলম্বিত বিধায়ক যদিও এতিয়াও খাৰিজ হোৱা নাই বিধায়ক পদ । সেয়ে আজি ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে অসম বিধানসভাৰ অধ্যক্ষক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ১৮৪ পৃষ্ঠাজোৰা পত্ৰৰে আবেদন জনাইছে ৷

অসমত সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ গঠনত বিস্তৰ সালসলনি হয় ৷ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিত বিধানসভা সমষ্টিৰ সংখ্যা আছিল ১০ টা ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিত বিধানসভা সমষ্টিৰ সংখ্যা ১১ টালৈ বৃদ্ধি পায় ৷

ধুবুৰীৰ বিধানসভা সমষ্টিকেইটা হ’ল- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং-জৰুৱা, বিলাসীপাৰা, মানকাচাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত ধুবুৰীত বৃদ্ধি পালে ভোটাৰৰ সংখ্যাও । পূৰ্বে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল 18,44,040 গৰাকী ৷

সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 26,43,403 গৰাকী ৷ সমষ্টি পুনৰ ৰ্নিদ্ধাৰণৰ পিচত ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 7, 99, 674 জনলৈ বৃদ্ধি পাইছে ৷ ৭ মে’ত ইভিএমত বন্দী হ’ব ধুবুৰীত শেষ হাঁহি মাৰিব কোনে ? আজমল নে ৰকিবুল হুছেইনে ? নে শাসকীয় বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামে ?

লগতে পঢ়ক: ফণীভূষণ চৌধুৰীক সমালোচনা কৰা মানে বঙাইগাঁওবাসী ৰাইজক অপমান কৰা: জয়ন্ত মল্লবৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.