ETV Bharat / politics

গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:23 PM IST

Assam Jaitya Bidyalay: নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ সন্মুখত অভিভাৱক সকলৰ মাজত প্ৰচাৰ চলোৱা দেখা গ’ল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ৷ জাতীয় বিদ্যালয়ৰ পিচত ফাঁচী বজাৰৰ ৰাজাদুৱাৰ ঘাটত জাহাজেৰে পাৰাপাৰ হোৱা লোকৰ মাজত প্ৰচাৰ চলায় মীৰা বৰঠাকুৰে ৷

LOK SABHA ELECTION 2024
অসম জাতীয় বিদ্যালয়ৰ সন্মুখত নিৰ্বাচনী প্ৰচাৰ মীৰা বৰঠাকুৰৰ (ETV BHARAT ASSAM)
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মীৰা বৰঠাকুৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 3 মে’ : তুংগত উঠিছে অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ গুৱাহাটী লোকসভা সমষ্টিৰ মূল দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধিয়েও অব্যাহত ৰাখিছে ভোটাৰৰ কাষ চপাৰ প্ৰয়াস ৷

কংগ্ৰেছৰ মীৰা বৰঠাকুৰক দেখা গৈছে ব্যতিক্ৰমী প্ৰচাৰ চলোৱা ৷ কেতিয়াবা যদি বজাৰত সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰা দেখা গৈছে, তেন্তে আন কেতিয়াবা দেখা গৈছে প্ৰাতঃভ্ৰমণত ব্যস্ত লোকৰ সৈতে মন বিনিময় কৰা ৷

শুকুৰবাৰে মীৰা বৰঠাকুৰক দেখা গ’ল অসমৰ এখন বিখ্যাত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অভিভাৱক সকলৰ মাজত প্ৰচাৰ চলোৱাৰ লগতে মত বিনিময় কৰা ৷ গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ সন্মুখত অভিভাৱকসকলৰ মাজত প্ৰচাৰ চলোৱা দেখা গ’ল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ৷

বিদ্যালয়লৈ নিজৰ সন্তানক থবলৈ অহা অভিভাৱকসকলৰ মাজত নিজৰ প্ৰচাৰ পত্ৰিকা বিলাই ভোট বিচৰা দেখা গ’ল বৰঠাকুৰক ৷ কেৱল প্ৰচাৰ পত্ৰ বিলোৱাই নহয়, কোনো কোনো অভিভাৱকৰ লগত কৰিলে মত বিনিময় ৷

অসম জাতীয় বিদ্যালয় নুনমাটিৰ সন্মুখত অভিভাৱকসকলৰ একাংশই পোনপতীয়াকৈ প্ৰশ্ন কৰিবলৈ সুবিধা লাভ কৰি উত্থাপন কৰিলে একাধিক গুৰুত্বপূৰ্ণ বিষয় ৷ উত্তৰ দিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়েও ৷

জাতীয় বিদ্যালয়ৰ পিচত ফাঁচীবজাৰৰ ৰজাদুৱাৰ ঘাটত জাহাজেৰে পাৰাপাৰ হোৱা লোকৰ মাজত প্ৰচাৰ চলায় মীৰা বৰঠাকুৰে ৷ জাহাজেৰে উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰি যাত্ৰীৰ মাজতো প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ ইয়াৰ পিচত দুপৰীয়া ধাৰাপুৰ SOS ভিলেজৰ সন্মুখত, দক্ষিণ গাঁৱৰ বুঢ়া মছজিদৰ সমীপতো প্ৰচাৰ চলাই কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক : অসম কংগ্ৰেছৰ কোন কোন সৎ নেতা ! নাম নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মুখত... - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.