ডিব্ৰুগড়, ২৩ ডিচেম্বৰ:মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ দেখুৱাই ডিব্ৰুগড়ৰ বগীবিল, ব্ৰহ্মপুত্ৰ আৰু খোৱাং, কলাখোৱাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চলিছে লাখ লাখ টকা কৰ ফাঁকিৰে অবৈধ বালি খনন । খোৱাঙৰ বুঢ়ীদিহিং নদীত বালি মাফিয়াৰ দৌৰাত্ম্যত অসহায় হৈ পৰিছে নদী কাষৰীয়া ৰাইজ । যিসময়ত ডিব্ৰুগড় জিলাখনৰ গৰাখহনীয়াই সংবাদ শিৰোনাম দখল কৰি আহিছে তেনে সময়তে বালি মাফিয়াই চলাই গৈছে অবৈধভাৱে বালি খননকাৰ্য ।
ডিব্ৰুগড়ৰ খোৱাং আঞ্চলিক বন সংমণ্ডল অন্তৰ্গত কলাখোৱাৰ বাঁহবাৰীত বুঢ়ীদিহিং নৈৰ পাৰত এতিয়া বালি মাফিয়াই চলাই গৈছে অবৈধভাৱে বালি আৰু পলসৰ খননকাৰ্য । কোনো ধৰণৰ নিবিদা নোহোৱাকৈ বালি মাফিয়া জনৈক মাখন ফুকন আৰু জনৈক সুনীল বৰুৱাই চলাই গৈছে অবৈধভাৱে খনন কাৰ্য । যাৰ ফলত চৰকাৰে হেৰুৱাবলগীয়া হৈছে লাখ লাখ টকাৰ ৰাজহ । কিন্তু এইক্ষেত্ৰত গভীৰ নিদ্ৰাত খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বন বিষয়া অক্ষয় বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ বন প্ৰতিৰক্ষা বাহিনীৰ বিষয়া ৰেঞ্জাৰ অজিত গগৈ ।
বন বিভাগক অভিযোগ দি ভাগৰি পৰা ৰাইজে বালি মাফিয়াৰা দৌৰাত্ম্য ৰোধ কৰিবলৈ গাঁওখনৰ ৰাইজে অতিষ্ঠ হৈ বাঁহ বান্ধি বন্ধ কৰিব লগা হৈছে পথ । কেৱল এয়াই নহয় ডিব্ৰুগড় জিলাখনত বুঢ়ীদিহিং নদীত যি ঠাইতে বালি খননৰ সুবিধা হৈছে তাতে খনন চলাইছে একাংশ বালি মাফিয়াই । আনহাতে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সংৰক্ষিত এলেকাত ব্ৰহ্মপুত্ৰত ব্যাপক পলস আৰু বালি খনন চলাৰো অভিযোগ উত্থাপন হৈছে ।