অসম

assam

Har Ghar Tiranga Abhiyan: হাতত ত্ৰিৰংগ পতাকা লৈ টিংখাঙৰ ৰাজপথত পদযাত্ৰা মন্ত্ৰী বিমল বৰাৰ

By

Published : Aug 7, 2022, 6:12 PM IST

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে (Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে । 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ উদ্দেশ্যে হাতত জাতীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত মন্ত্ৰী বিমল বৰা ৷

Har Ghar Tiranga Awerness Rally in Tingkhong
হাতত জাতীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত পদযাত্ৰা মন্ত্ৰী বিমল বৰাৰ

টিংখাং, 7 আগষ্ট: সমাগত স্বাধীনতা দিৱস (75th Independence Day)। স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিশেষকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে "আজাদী কা অমৃত মহোৎসৱ"ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ ।

আজি 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ উদ্দেশ্যে হাতত জাতীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত নামিল মন্ত্ৰী বিমল বৰা (Har Ghar Tiranga Awerness Rally by Bimal Bora)। টিংখাঙৰ ৰাজগড় আৰু বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত তথা ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আয়োজন কৰা সজাগতা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই ।

হাতত জাতীয় পতাকা লৈ টিংখাঙৰ ৰাজপথত পদযাত্ৰা মন্ত্ৰী বিমল বৰাৰ

সজাগতা শোভাযাত্ৰা কাৰ্যসূচীত অঞ্চলটোৰ দুই সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন দেশপ্ৰেমমূলক গীতেৰে মুখৰিত হৈ পৰে টিংখাং ৰাজগড়ৰ ৰাজপথ । মন্ত্ৰী গৰাকীয়ে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে সকলোকে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । দেশ মাতৃৰ বাবে শ্ৰদ্ধাভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক:Independence Day Preparations: ৰঙিয়া মহাবিদ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details