Independence Day Preparations: ৰঙিয়া মহাবিদ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

author img

By

Published : Aug 1, 2022, 4:39 PM IST

Independence Day Amrit Mahotsav preparations at Rangia College

৭৫ সংখ্যক স্বাধীনতা দিৱস সমাগত(Forthcoming Independence Day) । ৰঙিয়া মহাবিদ্যালয়ৰ এন চি চি গোটৰ যুৱক আৰু যুৱতী উভয় শাখাই বৰ্তমান স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুশীলনত ব্যস্ত হৈ পৰিছে (Independence Day at Rangia College)।

ৰঙিয়া, 1 আগষ্ট: দেশৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপনৰ বাবে বৰ্তমান সমগ্ৰ দেশতেই চলিছে পূৰ্ণ প্ৰস্তুতি (Independence Day Amrit Mahotsav preparations) । এই ক্ষেত্ৰত ৰঙিয়াৰ যুৱ সমাজো পিছপৰি ৰোৱা নাই । ৰঙিয়া মহাবিদ্যালয়ৰ এন চি চি গোটৰ যুৱক আৰু যুৱতী উভয় শাখাই বৰ্তমান স্বাধীনতা দিৱসৰ (Forthcoming Independence Day) পেৰেডত অংশগ্ৰহণ কৰিবলৈ অনুশীলনত ব্যস্ত হৈ পৰিছে ।

ছাত্ৰী শাখাৰ কামাণ্ডাৰ মৃদুস্মীতা নাৰ্জাৰী আৰু ছাত্ৰ শাখাৰ কামাণ্ডাৰ অনুপ বড়োৰ তত্বাৱধানত মহাবিদ্যালয়খনৰ এশ আঠগৰাকী ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰি আছে (Independence Day preparations at Rangia College) । এন চি চিৰ সম্পূৰ্ণ নীতি নিয়ম তথা ইউনিফৰ্ম পিন্ধি ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৬ বজাৰ পৰা দিনৰ ১২ বজালৈ পৃথকে পৃথকে এই অনুশীলনত অংশগ্ৰহণ কৰে । মহাবিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলে পেৰেড'ৰ অনুশীলনত ভাগ লোৱা দৃশ্যই সম্প্ৰতি সকলোকে আপ্লুত কৰিছে ৷

ৰঙিয়া মহাবিদ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

আগন্তুক ১৫ আগষ্টলৈ কঠোৰ অনুশাসনৰ মাজেৰে প্ৰস্তুতি চলাই থকা ছাত্ৰী মৃদুস্মীতা নাৰ্জাৰীয়ে বহু বীৰ-বীৰাংগনাৰ ত্যাগৰ কথা সদায় মনত ৰাখি সকলোৱেই আগবাঢ়ি যোৱা উচিত বুলি মন্তব্য কৰে ৷ আনহাতে এন চি চি ছাত্ৰ বাহিনীৰ কামাণ্ডাৰ অনুপ বড়োৱে প্ৰতিগৰাকী নাগৰিকে নিজৰ কাম পূৰ্ণ সততা আৰু নিষ্ঠাৰে সম্পাদন কৰিলেহে দেশৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ’ব বুলি উল্লেখ কৰে ।

তাৰোপৰি এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিশেষ অনুষ্ঠান 'হৰ ঘৰ ত্ৰিৰংগা' ৰ বাবেও যথেষ্ট আগ্ৰহী এইসকল ছাত্ৰ-ছাত্ৰী । আগন্তুক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰাৰ পিছতহে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজহুৱাভাৱে পেৰেডত অংশগ্ৰহণ কৰিব বুলি উৎসাহেৰে জানিবলৈ দিয়ে ।

ইয়াৰোপৰি গণতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰিছে মহাবিদ্যালয় কতৃপক্ষই ।

লগতে পঢ়ক: Second Gold medal for India : কমনৱেলথ গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ জেৰেমিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.