অসম

assam

কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

By

Published : Jul 20, 2021, 8:03 PM IST

ৰাজ্যৰ উন্নয়নৰ নামত কথা কোৱা বিজেপি চৰকাৰৰ অন্যতম কৰ্মদক্ষতা ৷ অসমক দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ়াৰ সংকল্প লোৱা চৰকাৰখনে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত কপাহেৰে নিৰ্মাণ কৰিলে উৰণীয়া সেঁতু ৷

কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু
কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

মৰাণ, 20 জুলাই : ৰাজ্য চৰকাৰে ৰঙীণ বিজ্ঞাপন দি উন্নয়নৰ কথা কৈ আহিলেও প্ৰকৃতাৰ্থত উন্নয়ন কেনেদৰে হৈছে তাক পৰ্যালোচনা কৰাটো প্ৰয়োজন আছে । বিশেষকৈ ডিব্ৰুগড়ত কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলঙসমূহ এটা বছৰৰ পাছতে বিসংগতি দেখা গৈছে । ক’ৰবাত যদি ভাঙি গৈছে ক’ৰবাত আকৌ চিৰাল ফাঁট মেলিছে কোটি টকীয়া দলঙত । ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখী চাৰিলাইনযুক্ত পথস্থিত ডিব্ৰুগড়ৰ বকুলত নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ বহু বছৰ পাছত সম্পূৰ্ণ হৈছে বকুল উৰণীয়া সেঁতু (Fly Over)ৰ কাম ।

কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ এবছৰ পাৰ নৌহওঁতেই চিৰাল ফাঁট মেলিলে ডিব্ৰুগড়ৰ এইখন উৰণীয়া সেঁতু (Fly Over)ত । ২০২০ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) উদ্বোধন কৰিছিল এই উৰণীয়া সেঁতু (Fly Over)খন । কিন্তু উদ্বোধনৰ এবছৰ পাৰ নৌহওঁতেই ব্ৰীজখনৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বৃহৎ ফাঁট ।

কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

ঠিকাদাৰ প্ৰতিষ্ঠানে নিম্নমানৰ কাম কৰা বাবে এনেদৰে সেঁতুখনৰ বিভিন্ন স্থানত ফাঁট দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ উত্থাপন হৈছে । ভিতৰত কপাহ দি বাহিৰত প্লাষ্টাৰ কৰি ঠিকাদাৰে বৃহৎ ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) শুভাৰম্ভ কৰা এই উৰণীয়া সেঁতু (Fly Over)খনত কোনদিনা ডাঙৰ ঘটনা সংঘটিত হয় তাক লৈ চিন্তাত পৰিছে ডিব্ৰুগড়ৰ ৰাইজ ।

কপাহেৰে সাজিলে চাৰিলেনয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতু

ঠিকাদাৰ প্ৰতিষ্ঠানে নিম্নমানৰ কাম তথা চৰকাৰৰ গাফিলতিক তীব্ৰ ভাষাৰে গৰিহণা দিছে লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা, আটছাকে ধৰি কেইবাটাও জাতীয় সংগঠনে । পুনৰ অতি সোনকালে উৰণীয়া সেঁতু (Fly Over)খন মেৰামতি কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে ডিব্ৰুগড়বাসী ৰাইজে ।

লগতে পঢ়ক :গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱতৰ ৰুদ্ধদ্বাৰ বৈঠক

ABOUT THE AUTHOR

...view details