অসম

assam

Keshab Mahanta visits Charaideo Maidam: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

By

Published : May 31, 2023, 1:19 PM IST

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ এই প্ৰত্নতাত্বিক স্থানত উপস্থিত হৈ আহোম ৰাজত্বকালৰ সোণালী ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী মৈদামসমূহৰ সংৰক্ষণ-সংবৰ্ধনমূলক কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । লগতে বুজ ল'লে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ (Health Minister Keshab Mahanta visits Charaideo) ৷

Keshab Mahanta visits Charaideo Maidam
চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

ডিব্ৰুগড়, ৩১ মে’: বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভৰ দিশত আগবাঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে ইউনেস্ক'ত গ্ৰহণ কৰা হ'ল চৰাইদেউ মৈদামৰ মনোনয়ন । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই চৰাইদেউ মৈদাম প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় (Health Minister Keshab Mahanta)। এই সময়চোৱাত মন্ত্ৰীগৰাকীক সংগ দিয়ে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ আৰু চৰাইদেউৰ জিলা উপায়ুক্তদ্বয় আদিত্য বিক্ৰম যাদৱ আৰু নিবেদন দাস পাটোৱাৰী আৰু নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈনে (Keshab Mahanta visits Charaideo Maidam) ৷

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

উল্লেখ্য যে, চৰাইদেউৰ স্থায়ী বাসিন্দা তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ তৎপৰতাত অসম চৰকাৰৰ বিশেষ উদ্যোগত ভাৰত চৰকাৰে ইউনেস্ক'লৈ প্ৰেৰণ কৰিছিল চৰাইদেউ মৈদামৰ মনোনয়ন । কেন্দ্ৰীয় প্ৰত্নতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কিষাণচন্দ ন'ৰিয়েলৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছিল চৰাইদেউ মৈদামৰ ড'চিয়াৰ । চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ভাৰত চৰকাৰে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰাৰ পিচত কেইটামান দিনৰ পূৰ্বে প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধান জাহ্নৱীজ শৰ্মা ৷

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

চৰাইদেউ জিলাৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইউনেস্ক'লৈ প্ৰেৰণ কৰা ড’চিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছিল । চৰাইদেউ মৈদাম ক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক'লৈ প্ৰেৰণ কৰা পাচতেই এইদৰে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধানে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক । এতিয়া চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশত আগবঢ়ি যোৱাত উৎফুল্লিত চৰাইদেউৰ ৰাইজ ।

চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

লগতে পঢ়ক:Reshuffle in Assam Police: নগাঁও আৰক্ষীত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰ্যায়ত ৰদ বদল

ABOUT THE AUTHOR

...view details