অসম

assam

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ শেষ নিশ্বাস

By

Published : Sep 1, 2022, 10:03 PM IST

জটিল ৰোগত আক্ৰান্ত হৈ কিছুদিন ধৰি শয্যাশায়ী হৈ থকা ধুবুৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যু(Journalist Parvezur Rahman dies) ৷ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সংবাদকৰ্মীসকলৰ মাজত বিৰাজ কৰিছে এক শোকাকূল পৰিৱেশে ৷

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যুত শোক
Journalist Parvezur Rahman dies

ধুবুৰী,1 ছেপ্টেম্বৰ: ধুবুৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ মৃত্যুৰ বাতৰিয়ে শোকাচ্ছন্ন কৰি গৈছে সতীৰ্থ সংবাদকৰ্মীসকলক । উল্লেখ্য যে, ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমান যোৱা কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল । শেহতীয়াকৈ সাংবাদিকগৰাকী অসুস্থ হৈ পৰাৰ লগে লগে প্ৰথমে গুৱাহাটীৰ মেট্ৰো চিটি হাস্পতালত ভৰ্তি কৰায় পৰিয়ালৰ লোকে । পৰৱৰ্তী সময়ত সাংবাদিকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়(Guwahati medical College hospital) ।

জি এম চি এইচত ভৰ্তি কৰোৱাৰ পিছদিনাই আই চি ইউত ৰখা হয় জ্যেষ্ঠ সাংবাদিকগৰাকীক । কিন্তু সাংবাদিকগৰাকীৰ শাৰিৰীক অৱস্থাৰ অধিক অৱনতি ঘটাৰ ফলত আজি ভেন্টিলেটৰত ৰাখি চিকিৎসা প্ৰদান কৰোৱা হৈছিল যদিও অৱশেষত জীৱন যুজঁত হাৰ মানিলে সাংবাদিকগৰাকীয়ে ৷ জটিল ৰোগত আক্ৰান্ত হৈ কিছুদিন ধৰি শয্যাশায়ী হৈ থকা সাংবাদিকগৰাকীয়ে আজি বিয়লি তিনি বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

নব্বৈ দশকত 'নতুন দৈনিক' কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰা সাংবাদিকগৰাকীয়ে অসমীয়া প্ৰতিদিন, জনসাধাৰণ কাকতত দীৰ্ঘ বছৰ কাম কৰাৰ পিছত শেহতীয়াকৈ 'প্ৰতিদিন টাইম' চেটেলাইট চেনেলটোত ধুবুৰীৰ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়াই আহিছিল ।

আনহাতে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত অস্থায়ী কৰ্মচাৰী হিচাপে যোগদান কৰাৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰীকৰণ হয় তেওঁৰ চাকৰি । আজি পাৰভেজুৰ ৰহমানৰ মৃত্যুৰ বাতৰিয়ে ধুবুৰীত শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে । মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী আৰু একমাত্ৰ নাবালক পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক:অসম আৰক্ষীত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details