ETV Bharat / state

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

author img

By

Published : Sep 1, 2022, 9:37 PM IST

Major reshuffle in Assam police
Major reshuffle in Assam police

বৃহস্পতিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ ৬৯৯ গৰাকী সহকাৰী উপ-পৰিদৰ্শকক বিভিন্ন জিলালৈ বদলি কৰা হৈছে ৷ (Major reshuffle in Assam Police) ।

গুৱাহাটী, ১ ছেপ্টেম্বৰ: অসম আৰক্ষীত ব্যপক সালসলনি (Major reshuffle in Assam Police) । ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশ অনুসৰি ৬৯৯ গৰাকী সহকাৰী উপ-পৰিদৰ্শকক বিভিন্ন জিলালৈ বদলি কৰিছে ৷

৬৯৯ গৰাকী সহকাৰী উপ পৰিদৰ্শকক বদলিকৰণ
৬৯৯ গৰাকী সহকাৰী উপ পৰিদৰ্শকক বদলিকৰণ

ইয়াৰে ভিতৰত জিলা পৰ্যায়ত বদলি কৰা হৈছে বৃহৎ সংখ্যক সহকাৰী উপ-পৰিদৰ্শকক। গুৱাহাটীতে বদলি কৰা হৈছে ৮২ গৰাকী সহকাৰী উপ-পৰিদৰ্শকক ৷

৬৯৯ গৰাকী সহকাৰী উপ পৰিদৰ্শকক বদলিকৰণ
৬৯৯ গৰাকী সহকাৰী উপ পৰিদৰ্শকক বদলিকৰণ

ধুবুৰীৰ ডি ই এফৰ ৪২ গৰাকী সহকাৰী উপ-পৰিদৰ্শকক বদলি কৰা হৈছে ক্ৰমে কোকৰাঝাৰ ডি ই এফ, গোৱালপাৰা ডি ই এফ আৰু চিৰাঙ ডি ই এফলৈ । সেইদৰে দক্ষিণ শালমাৰাৰ চাৰিগৰাকীক, কোকৰাঝাৰৰ ২৮ গৰাকীক, বঙাইগাঁৱৰ ৯ গৰাকীক, চিৰাঙৰ ১৮ গৰাকীক, গোৱালপাৰাৰ ২০ গৰাকীক, বৰপেটাৰ ১৮ গৰাকীক, বাক্সাৰ ১১ গৰাকীক, নলবাৰীৰ ২৮ গৰাকীক, কামৰূপৰ ৩৪ গৰাকীক, গুৱাহাটীৰ ৮২ গৰাকীক, দৰঙৰ ১৪ গৰাকীক, ওদালগুৰিৰ ৮ গৰাকীক, শোণিতপুৰৰ ২১ গৰাকীক, লখিমপুৰৰ ১৭ গৰাকীক, ধেমাজিৰ ৫ গৰাকীক, তিনিচুকীয়াৰ ২০ গৰাকীক, ডিব্ৰুগড়ৰ ৪৭ গৰাকীক, শিৱসাগৰৰ ২১ গৰাকীক, চৰাইদেউৰ ৬ গৰাকীক, যোৰহাটৰ ২৬ গৰাকীক, মাজুলীৰ এগৰাকীক, গোলাঘাটৰ ২১ গৰাকীক, নগাঁৱৰ ৫১ গৰাকীক, হোজাইৰ ১৩ গৰাকীক, মৰিগাঁৱৰ ১৩ গৰাকীক, কাৰ্বি আংলঙৰ ১৯ গৰাকীক, হামৰেনৰ দুগৰাকীক, ডিমা হাচাওৰ এগৰাকীক, কাছাৰৰ ৩৬ গৰাকীক, কৰিমগঞ্জৰ ২৩ গৰাকীক, হাইলাকান্দিৰ ৭ গৰাকীক, এছ এফ এছ অ'ৰ এগৰাকীক, এছ টি এফৰ এগৰাকীক, চি আই ডিৰ ২৫ গৰাকীক আৰু সীমান্ত সংস্থাৰ ৫ গৰাকী সহকাৰী উপ-পৰিদৰ্শকক আন জিলালৈ বদলি কৰা হৈছে ৷

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসম আৰক্ষীত ইমান বৃহৎ সংখ্যক সহকাৰী উপ পৰিদৰ্শকক বদলি কৰা হৈছে ।

লগতে পঢ়ক:অসম আৰক্ষীত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.