ETV Bharat / state

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

author img

By

Published : Jul 1, 2022, 9:59 PM IST

Major reshuffle in Assam Police
অসম আৰক্ষীত ব্যপক সাল সলনি

অসম আৰক্ষীত ব্যপক সাল সলনি (Major reshuffle in Assam Police) । ৰাজ্য চৰকাৰে শুকুৰবাৰে অসম আৰক্ষীত ভালেমান উচ্চপৰ্যায়ৰ বিষয়াক বদলি কৰাৰ লগতে বহুকেইজন আৰক্ষী বিষয়াক নতুন দায়িত্বভাৰ অৰ্পণ কৰে ৷

গুৱাহাটী,১ জুলাই : শুকুৰবাৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল সলনি ঘটাইছে (Major reshuffle in Assam Police) । সেই অনুসৰি, ওদালগুৰিৰ তৃতীয় এ পি টি এফ বাহিনীৰ অধিনায়ক বিজয় গিৰি কুলিগামক গুৱাহাটীৰ আৰক্ষী অধীক্ষক (ভি এণ্ড এচি-৩) হিচাপে বদলি কৰা হৈছে । হাইলাকান্দিৰ ২১ সংখ্যক এপি(আই আৰ) বাহিনীৰ অধিনায়ক ৰাজীৱক চি আই ডিৰ বিশেষ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

গুৱাহাটীৰ আৰক্ষী অধীক্ষক (ভি এণ্ড এচি-৩) বি লাল মিনাক ৰে'লৱে পুলিচৰ অধীক্ষক হিচাপে বদলি কৰা হৈছে । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন হৈ থকা জয়ন্ত সিঙক অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষক হিচাপে বদলি কৰা হৈছে । সেইদৰে ৰে'লৱে পুলিচৰ অধীক্ষক মায়াংক কুমাৰক ডিমা হাচাওৰ আৰক্ষী অধীক্ষক, ডিব্ৰুগড়ৰ ১৯ এপি (আই আৰ) বাহিনীৰ অধিনায়ক অমিতাভ দাসক চি আই ডিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

লগতে মৰিগাঁৱৰ ১৬ এপি (আই আৰ) বাহিনীৰ অধিনায়ক অৰ্ণৱ ডেকাক চি আই ডিৰ অধীক্ষক হিচাপে বদলি কৰা হৈছে ৷ তথ্য অনুসৰি ছয়গৰাকীকৈ আই পি এছ বিষয়াক কৰা হৈছে ৰদ-বদল । আনহাতে, এ পি এছ পৰ্যায়ৰ ৬০ গৰাকী বিষয়াৰ সাল-সলনি ঘটোৱা হয় ।

ইফালে অসম আৰক্ষীৰ সহকাৰী উপ মহা পৰিদৰ্শক আনন্দ মিশ্ৰক অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপ সঞ্চালকৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁৰ ঠাইত তিনিচুকীয়াৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ অধিনায়ক নন্দ সিঙক দায়িত্ব দিয়া হৈছে ।

সেইদৰে, চতুৰ্থ অসম আৰক্ষী বাহিনীৰ অধিনায়ক শিলাদিত্য চেতিয়াক অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষকৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । তেওঁৰ ঠাইত দশম অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰশান্ত শইকীয়াক দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক : Assam Flood : পাঁচবছৰত বানত ক্ষতি হ'ল অসমৰ ১৩,২২৭ কোটি টকাৰ সা-সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.