অসম

assam

ধুবুৰীত বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Mar 20, 2021, 1:38 PM IST

মনোনয়ন দাখিলৰ অন্তিম দিনটোত ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে
মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

ধুবুৰী, ২০ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ধুবুৰীৰ গৌৰীপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে । শুক্ৰবাৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত বিশাল সমদল উলিওৱা হয় ।

মনোনয়ন দাখিলৰ সময়ত গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীক উৎসাহিত কৰিবলৈ শতাধিক বিজেপি কৰ্মকৰ্তাই সমদলত অংশ লয় । ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্র দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ।

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ২০ হাজাৰ ভোটৰ ব্যৱধানত এ আই ইউ ডি এফৰ বিধায়ক নিজানুৰ ৰহমানৰ হাতত পৰাজিত হোৱাৰ পিছত এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰি পুনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে বনেন্দ্ৰ কুমাৰ মুছাহাৰী ।

মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে

এইবাৰ মহাজোঁট সমৰ্থিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী নিজানুৰ ৰহমান মূল প্ৰতিদ্বন্দী হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।


লগতে পঢ়ক:সাংসদ তপন গগৈ পুনৰ ক'ৰনাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details