অসম

assam

ধেমাজিত সমষ্টি ভিত্তিক খেল মহাৰণ আৰম্ভ, উদ্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:02 AM IST

মঙলবাৰৰ পৰা ধেমাজি জিলাৰ কাছাৰী ময়দানত সমষ্টি পৰ্যায়ৰ বিভিন্ন খেল প্ৰতিযোগিতা আৰম্ভ ৷ সমষ্টি ভিত্তিক খেল মহাৰণৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

Khel Maharan held at Kasari Maidan in Dhemaji
ধেমাজিত সমষ্টি ভিত্তিক খেল মহাৰণ আৰম্ভ

ধেমাজিত সমষ্টি ভিত্তিক খেল মহাৰণ আৰম্ভ

ধেমাজি, 29 নৱেম্বৰ : অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে ‘খেল মহাৰণ 2023’ ৷ ইয়াৰ অংশ স্বৰূপে প্ৰথমে গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিভিন্ন খেল প্ৰতিযোগিতা ৷

ইতিমধ্যে পঞ্চায়ত পৰ্যায়ত বিভিন্ন বিভাগৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাচত মঙলবাৰৰ পৰা ধেমাজি জিলাৰ কাছাৰী ময়দানত সমষ্টি পৰ্যায়ৰ বিভিন্ন খেল প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে ৷ উক্ত প্ৰতিযোগিতাত 19 বছৰ অনূৰ্ধ্ব ছোৱালী ভলীবলত 34 গৰাকী আৰু 19 অনূৰ্ধ্ব ল’ৰা কাবাদীত 34 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷

মঙলবাৰে সমষ্টি ভিত্তিক খেল মহাৰণৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা উন্নয়ন আয়ুক্ত বিশ্বজিত ফুকনকে ধৰি জিলা শীৰ্ষ বিষয়া কৰ্মচাৰীসকল ৷

খেল মহাৰণ আয়োজনৰ আঁৰত থকা কথা উল্লেখ কৰি মন্ত্ৰী পেগুৱে কয় যে, আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে সুস্থ মন, সুস্থ শৰীৰৰ বাবে ক্ৰীড়াৰ অপৰিসীম গুৰুত্ব আছে ৷ সেয়ে আমি খেল মহাৰণ আয়োজন কৰিলো ৷ যাতে গাঁৱত সোমাই থকা প্ৰতিভাৱান খেলুৱৈকসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী প্ৰচেষ্টাত খেল মহাৰণ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী পেগুৱে ৷

তেওঁ কয়, ‘‘আমাৰ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে নতুনকৈ নিৰ্মাণ কৰা হৈছে ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ অধীনত ৷ পূৰ্বৰ দৰে কেবল ডিগ্ৰী বা চাৰ্টিফিকেট প্ৰদান কৰাই লক্ষ্য নহয় ৷ শিশুক সুস্থ-সৱল, সফল আৰু সুখী নাগৰিক হিচাপে যাতে গঢ়ি তুলিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে ৷’’

লগতে পঢ়ক :জন জীৱনৰ চিন্তা পিচত; আগেয়ে বিগ ডেমৰ চিন্তা; চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত আছু

ABOUT THE AUTHOR

...view details