ETV Bharat / state

জন জীৱনৰ চিন্তা পিচত; আগেয়ে বিগ ডেমৰ চিন্তা; চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত আছু

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 5:26 PM IST

চৰকাৰে যিমান পাৰি সোনকালে বিদ্যুৎ উৎপাদন কৰিব খোজে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে ইতিমধ্যেই NHPC ক নিৰ্দেশ দিছে গাৰ্ডৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ ৷ কেন্দ্ৰীয় মন্ত্ৰীৰ এই ঘোষণাৰ বিৰোধিতা কৰিছে আছুৱে ৷

NHPC big dam in gerukamukh
big dam in gerukamukh

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত আছু

ধেমাজি, 28 নৱেম্বৰ: জহি-খহি গ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে বদ্ধপৰিকৰ চৰকাৰ ৷ সোমবাৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে ঘোষণা কৰে যে অহা ছমাহৰ ভিতৰত 2000 মেগাৱাট শক্তি সম্পন্ন এই নদীবান্ধৰ পৰা বিদ্যুৎ উৎপাদন কৰা হ’ব ৷ NHPC ক গাৰ্ডৱাল নিৰ্মাণৰ কাম অতি সোনকালে শেষ কৰিবলৈ নিৰ্দেশ দিছে ৰাজকুমাৰ সিঙে ৷ শক্তিমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে ধেমাজিত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

প্ৰকৃতিৰ প্ৰলয়ৰ ওচৰত নতজানু হ’ব নোখোজা চৰকাৰ তথা NHPC কৰ্তৃপক্ষৰ এই মইমতালিত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ মন্তব্যত অসন্তুষ্টি ব্যক্ত কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে দাবী জনায় ৷ সোৱণশিৰিপৰীয়া ৰাইজৰ জীৱন তথা সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত NHPC ক বান্ধৰ কাম বন্ধ ৰাখিবলৈও আহ্বান জনায় আছু নেতাগৰাকীয়ে ৷

কি কৈছিল কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে ?

সোমবাৰে ধেমাজিৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে ৷ তাৰ পিচতেই এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা ছমাহৰ ভিতৰত এই প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰা হ’ব ৷ নামনি সোৱণশিৰি বান্ধক লৈ সন্তুষ্ট কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৷ তেওঁ প্ৰকাশ কৰা মতে অৰুণাচলৰ আপাৰ চিয়াঙত শীঘ্ৰে স্থাপন হ’ব 11 হাজাৰ মেগাৱাট সম্পন্ন বিদ্যুৎ প্ৰকল্প ৷

সিঙে লগতে জনায় যে অৰুণাচলত 13 টা প্ৰকল্পত 13000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ইতিমধ্যে MoU স্বাক্ষৰিত হৈছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে দল-সংগঠনে প্ৰতিবাদ কৰাৰ বাবেই ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ 7 বছৰৰো অধিক সময় লাগিল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷

অভিশাপ হ’ব নেকি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ?

গেৰুকামুখত বিগ ডেম নিৰ্মাণৰ বাবে যো-জা চলিছিল কংগ্ৰেছৰ দিনতে ৷ তেতিয়াই অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠিছিল বৃহৎ আন্দোলন ৷ বিৰোধিতা কৰিছিল আছু, এজেৱাইচিপিকে আদি কৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ লগতে বিজেপিয়েও ৷ কিন্তু বিজেপি শাসনলৈ অহাৰ পিচত তেওঁলোকৰ সুৰ সলনি হ’ল ৷ ধুম-ধামেৰে বিজেপিয়ে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে বিজেপিয়ে ৷ তাৰ মাজতেই প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা দেখা গ’ল প্ৰকল্পটো ৷

চলিত বৰ্ষতে বাৰিষা কালত কেইবাবাৰো প্ৰকল্পটোৰ গাৰ্ডৱাল খহি পৰাৰ লগতে কাষতে থকা পাহাৰত ভূমিস্খলন হয় ৷ যিয়ে বাৰুকৈয়ে বিতত কৰি তোলে নৈ পৰীয়া ৰাইজক ৷ বান্ধ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত যদি দুৰ্ভাগ্যবশতঃ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি বান্ধ ভাগে তেন্তে ধেমাজি আৰু লখিমপুৰ জিলা সম্পূৰ্ণৰূপে নিঃশেষ হ’বলৈ বেছি সময় নালাগিব ৷

তাৰোপৰি কেইদিনমান পূৰ্বে শুকাই গৈছিল সোৱণশিৰি নৈৰ জলপৃষ্ঠ ৷ এই নদীবান্ধে সোৱণশিৰিৰ জৈৱ বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ আংশকাই দেখা দিছে ৷ তাৰোপৰি বাৰিষা বানেৰে দুয়োপাৰ উপচি পৰিলেও এই নৈখন হৈছে নৈপৰীয়া ৰাইজৰ জীৱিকাৰ অন্য়তম সমল ৷ কিন্তু বান্ধ নিৰ্মাণ হ’লে ভিকাচন ভাগিব বহু পৰিয়ালৰ ৷

অসম যিহেতু ভূমিকম্পপ্ৰৱণ অঞ্চল, সেয়ে ইয়াত বিগ ডেম স্থাপন কৰাতো সমূলি সমীচিন নহয় বুলি বহু ভূ-বিজ্ঞানীয়ে ইতিমধ্যে কৈ আহিছে ৷ কিন্তু চৰকাৰ নাচোৰবান্দা ৷ যিকোনো প্ৰকাৰে নদীবান্ধ সম্পূৰ্ণ কৰি বিদ্যুৎ উৎপাদন কৰিবলৈ সাজু হৈছে বিজেপি চৰকাৰ ৷

লগতে পঢ়ক: শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ; কেন্দ্ৰীয় শক্তিমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.