ETV Bharat / state

শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ; কেন্দ্ৰীয় শক্তিমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:24 AM IST

Updated : Nov 28, 2023, 12:06 PM IST

central Power minister press meet in NHPC conference HALL REGARDING NHPC DAM
কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল ৷ গেৰুকামুখৰ প্ৰকল্পস্থলীৰ সভাকক্ষত সম্বোধন কৰে সংবাদমেলখনৰ ৷ অহা 6 মাহৰ ভিতৰত এন এইচ পি চিত বিদ্যুত উৎপাদন হ'ব বুলি শক্তিমন্ত্ৰী আৰ কে সিঙৰ ঘোষণা ৷

কেন্দ্রীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

ধেমাজি, 28 নৱেম্বৰ: নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্প সন্দৰ্ভত কেন্দ্রীয় শক্তিমন্ত্ৰী আৰ কে সিঙে সোমবাৰে এখন সংবাদমেলৰ আয়োজন কৰে ৷ অহা 6 মাহৰ ভিতৰত প্ৰকল্পটোত বিদ্যুৎ উৎপাদন কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ দেওবাৰৰ সন্ধিয়া গেৰুকামুখৰ প্ৰকল্পস্থলীৰ সভাকক্ষত কেন্দ্রীয় শক্তিমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে ৷

সংবাদমেলখনৰ জৰিয়তে কেতবোৰ গুৰুত্বপূৰ্ণ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ সোৱণশিৰি নদীবান্ধক লৈ এক প্ৰকাৰ সন্তুষ্টি প্ৰকাশ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ শক্তিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অৰুণাচল আপাৰ চিয়াঙত শীঘ্ৰে স্থাপন হ'ব 11 হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰকল্প ৷ ইয়াৰোপৰি ভাৰতবৰ্ষত বিদ্যুতৰ চাহিদা ব্যাপক ৰূপত বৃদ্ধি পোৱাৰ বিপৰীতে উৎপাদনৰ হাৰ নিম্নগামী হৈছে বুলি উল্লেখ কৰে শক্তিমন্ত্ৰীগৰাকীয়ে ৷ সেয়ে বিদ্যুৎ উৎপাদনৰ বাবে বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ৰাইজেও সমৰ্থন আগবঢ়াইছে বুলি কয় শক্তিমন্ত্ৰী সিঙে ৷

central Power minister press meet in NHPC conference HALL REGARDING NHPC DAM
কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ সংবাদমেল

শক্তিমন্ত্ৰী সিঙে উল্লেখ কৰা মতে অৰুণাচলত 13 টা প্ৰজেক্টত 13000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ইতিমধ্যেই এমৱেত স্বাক্ষৰিত হৈছে ৷ তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ দল-সংগঠনৰ তীব্ৰ বিৰোধিতাৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম-কাজৰ বাবে প্ৰয়োজন হ’ল 7 বছৰৰ ৷ যাৰবাবে ইয়াৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পোৱাত চিন্তান্বিত হৈ পৰিছে শক্তি মন্ত্ৰণালয় ৷

সংবাদমেলখনত উপস্থিত থাকে এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক আৰ কে বিষ্ণয় আৰু শক্তি বিভাগৰ সচিব পংকজ আগৰৱালা ৷ উল্লেখ্য যে, বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে ধাৰাবাহিক পাহাৰ খহা কাৰ্যকে ধৰি এটাৰ পিছত আনটো অঘটন হৈ থকা পৰিলক্ষিত হৈছে ৷ উক্ত বিষয়টোক লৈ ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ সময়ত কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: Lower Subanshiri big dam: ৰাইজে বিচাৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দায়িত্ব ল’ব আলফা (স্বা) ই

Last Updated :Nov 28, 2023, 12:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.