অসম

assam

কাইলৈ লক্ষ্মী পূজাঃ দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

By

Published : Oct 29, 2020, 7:14 PM IST

কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ ক'ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ ।

jonai-lakshmi-puja-story
কাইলৈ লক্ষ্মী পূজাঃ দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

জোনাই, ২৯ অক্টোবৰ:কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ম্লান পৰিছে পূজাৰ আনন্দ-উচাহ ৷ ক'ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে । প্ৰায় সেমেকা হৈ ৰৈছে ৰাজ্যৰ বজাৰ-সমাৰ ।

কাইলৈ লক্ষ্মী পূজাঃ দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে জোনাই মহকুমাতো সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ মাজেৰে দূৰ্গা পূজাৰ পিছতে এইবাৰ পালন কৰা হ'ব লক্ষ্মী পূজা । জোনাইত লক্ষ্মী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে জোনাইৰ মৃণ্ময় শিল্পীসকল ৷

কাইলৈ লক্ষ্মী পূজাঃ দেৱী প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

তদুপৰি অন্য বছৰৰ তুলনাত চলিত বছৰত কৰ‘ণা মহামাৰীৰ বাবে কমকৈ দেৱী প্ৰতিমা নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিছে মৃণ্ময় শিল্পীসকলে ৷
লগতে পঢ়ক: কাইলৈ লক্ষ্মী পূজা: সেৰেঙা পূজাৰ বজাৰ

ABOUT THE AUTHOR

...view details